তিনিচুকীয়া, 30 মে': লক ডাউনৰ মাজতে দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিভিন্ন দল সংগঠন, ছাত্ৰ সমাজৰ লগতে বহু বিজ্ঞলোকে ইয়াৰ বিৰোধিতা কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ কিন্তু দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি এই প্ৰচাৰ কিমানদূৰ সত্য ? ইয়াৰ ক্ষেত্ৰভিত্তিক অনুসন্ধানৰ বাবে শুক্ৰবাৰে মাৰ্ঘেৰিটাত আহি উপস্থিত হয় তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এটি প্ৰতিনিধি দল ৷ প্ৰথমে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰতিনিধি দলটো ৷ ইয়াৰ পিছতে প্ৰতিষ্ঠানটোৰ সভাকক্ষত তথ্যচিত্ৰৰ জড়িয়তে সাংবাদিকৰ দলটোক প্ৰতিষ্ঠানটোৰ সংক্ষিপ্ত ইতিহাস, ৰাজ্যৰ অৰ্থনীতিলৈ অৱদান, ইয়াৰ ওপৰত কিদৰে ৰাজ্যৰ বিদ্যুত খণ্ড, চিমেন্টকে ধৰি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান নিৰ্ভৰশীল সেই বিষয়ে অৱগত কৰে মহাপ্ৰৱন্ধক যুগল কুমাৰ বৰাই ৷
লগতে তথ্য চিত্ৰত গুগল মেপৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে প্ৰদৰ্শন কৰিলে দিহিং পাটকাই বৰ্ষাৰণ্যৰ পৰা কিমান দুৰত্বত হ'ব এই কয়লাখনন স্থলী । লগতে কিদৰে হস্তী কৰিডৰত কয়লা খনন কৰা হ'ব বুলি অপপ্ৰচাৰ চলিছে তাকো বুজোৱাৰ চেষ্টা কৰিলে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধক যুগল কুমাৰ বৰাই । লগতে সাংবাদিকৰ দলটোৰ সৈতে হোৱা এই বাৰ্তাত মহাপ্ৰৱন্ধক যুগল কুমাৰ বৰা আৰু উৎপাদন পৰিচালক এচ পি দত্তই বাখ্যা কৰে কিদৰে বন্ধ হোৱাৰ দিশে গতি কৰিছে কয়ল ইণ্ডিয়া নামৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো ।
ইয়াৰ পাছতে দিহিং গেষ্ট হাউচত একাংশ শ্ৰমিক সংগঠনৰ নেতাৰ সৈতে মিলিত হয় সাংবাদিকৰ দলটো ৷ উক্ত সময়ত শ্ৰমিক সংগঠনৰ নেতাসকলে স্পষ্ট কৰি দিয়ে কিদৰে এক অশুভ ৰাজনীতিৰ জৰিয়তে বন্ধ হোৱাৰ দিশলৈ ঠেলি দিছে কয়ল ইণ্ডিয়া প্ৰতিষ্ঠানটো ৷ লগতে শ্ৰমিক সংগঠনটোৰ নেতাসকলে স্পষ্টভাৱে জনাই যে, প্ৰতিষ্ঠানটো বন্ধ হ'লে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ নহয়, তেওঁলোক দেশৰ অন্য কয়লা উদ্যোগত সংস্থাপিত হ'ব ।
কিন্তু এনে অপপ্ৰচাৰ, অপবাখ্যাৰ জৰিয়তে প্ৰতিষ্ঠানটো বন্ধ হলে বিস্তৰ ক্ষতি হ'ব পাৱৈৰ পৰা জাগুনলৈকে বিস্তীৰ্ণ অঞ্চলৰ ৰাইজৰ লগতে ক্ষতি হ'ব ৰাজ্যৰ অৰ্থনীতিৰ ৷ উল্লেখ্য যে, লিডুৰ টিককৰ কয়লা খননস্থলী অংশ পৰিদৰ্শন কৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি দলটোৱে চৰকাৰক অতিশীঘ্ৰে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়কঃ মহানগৰীৰ চিটি বাছৰ চালক আৰু হেণ্ডিমেনৰ শোচনীয় অৱস্থা