ETV Bharat / state

মাৰ্ঘেৰিটাত জব্দ কয়লা ভৰ্তি বাহন

author img

By

Published : Feb 15, 2021, 1:30 PM IST

সোমবাৰে পুৱতি নিশা মাৰ্ঘেৰিটা আৰক্ষীয়ে দিহিঙৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ খন চোৰাং কয়লা ভৰ্তি বাহন জব্দ কৰে ৷ লগতে বাহন কেইখনৰ চালক আৰু 2 জন কয়লা ব্যৱসায়ীক ঘটনা সন্দৰ্ভত কৰায়ত্ত কৰে ৷

মাৰ্ঘেৰিটাত জব্দ ক’লা হীৰা ভৰ্তি বাহন
মাৰ্ঘেৰিটাত জব্দ ক’লা হীৰা ভৰ্তি বাহন

মাৰ্ঘেৰিটা,15 ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে ক’লা হীৰা অৰ্থাৎ কয়লাৰ অবৈধ ৰমৰমীয়া ব্যৱসায় ৷ সোমবাৰে পুৱতি নিশা মাৰ্ঘেৰিটা আৰক্ষীয়ে দিহিঙত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ খন চোৰাং কয়লা ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘনে কয়লাৰ সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ঠিক তেনে সময়তে মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অঞ্চলত নিশাৰ ভাগত চোৰাং কয়লা ভৰ্তি বাহনসমূহ বিভিন্ন ইটা উদ্যোগলৈ সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷

মাৰ্ঘেৰিটাত জব্দ ক’লা হীৰা ভৰ্তি বাহন

এই অভিযোগৰ ভিত্তিতেই মাৰ্ঘেৰিটা আৰক্ষীয়ে চলাই অভিযান ৷ এই অভিযানত বৰগোলাইৰ পৰা তিনিচুকীয়া অভিমুখে গৈ অৱস্থাত 6 খন কয়লা ভৰ্তি বাহনৰ লগতে বাহন কেইখনৰ চালক আৰু 2 জন কয়লা ব্যৱসায়ীক ঘটনা সন্দৰ্ভত কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ চোৰাং কয়লা ব্যৱসায়ী দুজনে ব্যৱহাৰ কৰা আই ২০ বাহনখনো জব্দ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ যৌতুকজনিত কাৰণত বোৱাৰী হত্যাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.