ETV Bharat / state

তিনিচুকীয়া জিলা বিজেপিৰ বাসগৃহত মুখ্যমন্ত্ৰী সোণোৱাল - CM sonowal at tinsukia rupaui

বিজেপি জিলা সভাপতি লক্ষেশ্বৰ মৰাণৰ গৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ পথ দুৰ্ঘটনাত মৃত্যু হোৱা শশাংক জ্যোতি মৰাণৰ পৰিয়ালক সমবেদনাৰ বাবে উপস্থিত হয় তিনিচুকীয়াত ৷ মৃতকৰ বাসগৃহত উপস্থিত হৈ সোণোৱালে পথ দুৰ্ঘটনাটোৰ সবিশেষ তদন্তৰ নিৰ্দেশ দিয়ে উজনি অসম আৰক্ষী মহাপৰিদর্শক জিৎমল দলেক ।

তিনিচুকীয়া
লক্ষেশ্বৰ মৰাণৰ গৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Mar 9, 2020, 9:19 PM IST

তিনিচুকীয়া,9 মার্চ: সোমবাৰে তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণৰ ৰূপাইস্থিত বাহগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । জিলা সভাপতি লক্ষেশ্বৰ মৰানৰ পুত্ৰৰ মৃত্যুৰ খবৰ পাই পৰিয়ালক সমবেদনা জনাবলৈ মুখ্যমন্ত্ৰীগৰাকী লক্ষেশ্বৰ মৰাণৰ ঘৰত উপস্থিত হয় ।

লক্ষেশ্বৰ মৰাণৰ গৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

উল্লেখযোগ্য যে, বিগত 19 ফেব্ৰুৱাৰীত ডুমডুমাৰ সমীপৰ বাদলবেটাত এক পথ দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত লক্ষেশ্বৰ মৰাণৰ পুত্ৰ শশাংক জ্যোতি মৰাণ আৰু ৰাজীব ডাঙৰীয়া নামৰ এগৰাকী দেহৰক্ষী আহত হৈ চিকিৎসাধীন আছিল । চিকিৎসাধীন অৱস্থাত দেহৰক্ষী ৰাজীৱ ডাঙৰীয়াৰ ডিব্ৰুগড়ত মৃত্যু হয় । ইপিনে উন্নত চিকিৎসাৰ বাবে দিল্লী এইমছত শশাংক জ্যোতি মৰানক ভৰ্তি কৰোৱা হয় যদিও 1 মার্চত মৃত্যুক আঁকোৱালি লয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৃতকৰ পৰিয়ালক সমবেদনা জনাই সমগ্ৰ পথ দুৰ্ঘটনাটোৰ এক তদন্তৰ নিৰ্দেশ দিয়ে । উজনি অসম আৰক্ষী মহাপৰিদর্শক জিৎমল দলেক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

আৰু পঢ়কঃ ওৱান মেন পলিটিকছৰে চৰকাৰ চলাইছে হাগ্ৰামাইঃ আফজাল হক সৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.