ETV Bharat / state

বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : Jun 10, 2020, 2:05 PM IST

বাঘজানৰ ভুক্তভোগী ৰাইজক যিকোনো প্ৰকাৰৰ সহায় সহযোগিতাৰ বাবে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস দিয়াৰ লগতে সকলোকে আতংকিত নহৈ পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিবৰ বাবে আহ্বান জনায় ৷ লগতে বাঘজানৰ গেছ নিৰ্গমণস্থলীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰ্তালাপ কৰা বুলিও জানিবলৈ দিয়ে ৷

cm sarbananda sonowal interacted with pm over baghjan incident

গুৱাহাটী, 10 জুনঃ মঙলবাৰে বাঘজানৰ গেছ নিৰ্গমণস্থলীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ভুক্তভোগী ৰাইজক যিকোনো প্ৰকাৰৰ সহায় সহযোগিতাৰ বাবে সোণোৱালে আশ্বাস দিয়াৰ লগতে সকলোকে আতংকিত নহৈ পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিবৰ বাবে আহ্বান জনায় ৷ ইতিমধ্যে ঘটনাস্থলীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷

বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী, গৃহ মন্ত্ৰীৰেও বাৰ্তালাপ কৰা বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে পৰিস্থিতিৰ মুকাবিলা কৰিবলৈ বায়ু সেনা আৰু এন ডি আৰ এফ বাহিনীক সষ্টম কৰি ৰাখিছে ৷ আনহাতে বাঘজানৰ ঘটনাস্থলীত দুগৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰি ভুক্তভোগী পৰিয়ালবৰ্গক সহায়ৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ কৃত্ৰিম বৰষুণ সৃষ্টি কৰি হ'লেও বাঘজানৰ ৰাইজক ৰক্ষা কৰকঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.