তিনিচুকীয়া, ১৭ মে’: বুধবাৰে ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিৰ তিনিচুকীয়াৰ বৰগুৰিত নিৰ্মাণ কৰা কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ দলৰ কাৰ্যালয় উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকী তিনিচুকীয়াত উপস্থিত হোৱাৰ লগে লগে ভকতবৃন্দই গায়ন বায়নে আদৰি নিয়ে ড৹ শৰ্মাক ৷ তাৰ পিচত ড৹ হিমন্ত বিশ্ব শৰ্মাই নাৰিকল ভাঙি আৰু ফিতা কাটি শুভ উদ্বোধন কৰে সু-উচ্চ কাৰ্যালয়টো৷ (CM inaugurates Tinsukia district BJP office) ৷
কাৰ্যালয়টো উদ্বোধন কৰি সমগ্ৰ কাৰ্যালয়টো স্বয়ং পৰিদৰ্শন কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক দিনসমূহত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ লগতে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত কাৰ্যালয়টোৱে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে তাৎপৰ্য বহন কৰিব বুলি উল্লেখ কৰে ৷ লগতে তেওঁ এই কথাও সদৰী কৰে যে তিনিচুকীয়া জিলা বিজেপিৰ নতুন কাৰ্যালয়টো ৰাজ্যত দলৰ ২০ সংখ্যক কাৰ্যালয় হিচাপে কাৰ্যক্ষম হৈ উঠিল৷ (Tinsukia district BJP office) ।
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে প্ৰতিখন জিলাত একোটাকৈ দলীয় কাৰ্যালয় নিৰ্মাণ কৰাৰ লগতে ৰাজ্যত প্ৰায় ৪০০ মণ্ডল সমিতিৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ ইফালে, আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ মাজতে সংবাদকৰ্মীয়ে এই সন্দৰ্ভত কৰা প্ৰশ্নত ‘এইটো বিষয় চাবলৈ আৰক্ষী বিষয়াসকল আছে তেওঁলোকে চাব এইবোৰ, মই ক’ব লগীয়া একো নাই’ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অৱশ্যে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
সমান্তৰালভাৱে, ৩০০ মাদ্ৰাছা স্কুল বন্ধৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু অতি সোনকালে এইসমূহ বন্ধ কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীজনে৷ কাৰ্যালয়টো উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক চেতিয়াৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু দলীয় কৰ্মকৰ্তাসকল ৷
লগতে পঢ়ক : 5th District Commissioners Conference: তিনিচুকীয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে নৱনিৰ্মিত কনভেনচন চেন্টাৰ