ETV Bharat / state

Makum College silver jubilee : মাকুম মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত সৰ্বানন্দ সোণোৱাল - Union Minister Rameswar Tely

মাকুম মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (closing ceremony of Makum College silver jubilee) ৷ লগতে উপস্থিত থাকে শ্ৰম বিভাগৰ কেন্দ্ৰীয় (ৰাজ্যিক) মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন । মাকুম মহাবিদ্যালয়ক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায় সৰ্বানন্দ সোণোৱালে ।

Tinsukia
Tinsukia
author img

By

Published : Jan 6, 2023, 7:30 PM IST

তিনিচুকীয়া, ৬ জানুৱাৰী : তিনিচুকীয়া জিলাৰ মাকুমত অৱস্থিত মাকুম অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মাকুম মহাবিদ্যালয়ে সফলতাৰে গৌৰৱোজ্বল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়ে (Makum College silver jubilee) । সেই উপলক্ষে বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আহি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হয় ।

মাকুম মহাবিদ্যালয়ে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান (closing ceremony of Makum College silver jubilee) । যোৱা ৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মাকুম মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত প্ৰথমদিনা পতাকা উত্তোলন, শ্বহীদবেদী উন্মোচন, আলোচনা-চক্ৰ, সম্বৰ্ধনা অনুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় । শুকুৰবাৰৰ দ্বিতীয়দিনাৰ কাৰ্যসূচীত পুৱাতে উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বন্দৰ, জাহাজ, জল পৰিবহণ আদি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal) ৷

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ, শ্ৰম বিভাগৰ কেন্দ্ৰীয় (ৰাজ্যিক) মন্ত্ৰী ৰামেশ্বৰ তেলী (Union Minister Rameswar Tely), অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা তথা অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণে ৰূপালী জয়ন্তী বৰ্ষৰ মুকলিসভাত অংশগ্ৰহণ কৰে । উক্ত সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাকুম মহাবিদ্যালয়ক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায় (Sarbananda Sonowal at Makum College) ।

লগতে সোণালী জয়ন্তী উৎযাপন কৰাৰ সময়লৈ যাতে মহাবিদ্যালয়খনে বৰ্তমানতকৈ অধিক বিকশিত ৰূপত প্ৰতিষ্ঠা লাভ কৰিব পাৰি তাৰ কাৰণে এতিয়াৰে পৰাই সংকল্প ল’বলৈ সকলোকে আহ্বান জনায় । উল্লেখ্য, মাকুম মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় ।

মাকুম মহাবিদ্যালয় খেলপথাৰৰ পৰা মাকুম চহৰলৈ উলিওৱা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অভিনেত্ৰী চুমি বৰাই । আনহাতে, শোভাযাত্ৰাত অংশগ্ৰহণ কৰে মহাবিদ্যালয়খনৰ এন চি চি দল, বিভিন্ন সাংস্কৃতিক দল, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে মাকুমবাসী তথা শুভাকাংক্ষীয়ে । আনহাতে, সন্ধিয়ালৈ অনুষ্ঠিত হয় বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান ।

লগতে পঢ়ক :India Srilanka One Day Series : বৰ্ষাপাৰাত ভাৰত শ্ৰীলংকাৰ এদিনীয়া মেচৰ প্ৰস্তুতি তু্ংগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.