ডুমডুমা ,12 নৱেম্বৰ: তিনিচুকীয়া জিলাৰ ডুমডুমা পৌৰ সভাৰ অন্তৰ্গত চাফ-চিকুনৰ দায়িত্বত থকা চাফাই কৰ্মীসকলে বৃহস্পতিবাৰৰ পৰা কৰ্মবিৰতি পালন কৰিছে। পৌৰ সভা সমূহে নগৰ পৰিস্কাৰৰ দায়িত্ব NGO ক প্ৰদান কৰাৰ পাছৰে পৰা চাফ-চিকুনৰ দায়িত্বত থকা চাফাই কৰ্মীসকলে সময়মতে দৰমহা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ।
![As_DDM_01_Cleaning _staff_ protest_against_NGO_img_ASC10048](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9518960_gdrgy.jpg)
উল্লেখযোগ্য যে,ডুমডুমা পৌৰ সভাৰ কাৰ্যকাল পাৰ হৈ যোৱাৰ পাছৰে পৰা নগৰ পৰিস্কাৰৰ দায়িত্ব পৌৰ সভাই Care North East Foundation নামৰ এটা NGOক প্ৰদান কৰিছিল। NGO টোৱে দায়িত্ব লোৱাৰ পাছৰে পৰা চাফাই কৰ্মীসকলে সময়মতে দৰমহা নোপোৱাৰ লগতে ক'ৰণা মহামাৰীৰ সময়ত বিভিন্ন Quarantine Centre সমূহত চাফাই কৰ্ম সম্পাদন কৰাৰ বিনিময়ত লাভ কৰিবলগীয়া টকাও NGO টোৱে চাফাই কৰ্মীসকলক প্ৰদান নকৰাৰ অভিযোগ কৰিছে চাফাই কৰ্মীসকলে।
![As_DDM_01_Cleaning _staff_ protest_against_NGO_img_ASC10048](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9518960_njf.jpg)
যাৰ পৰিপেক্ষিতত বৃহস্পতিবাৰৰ পৰা ডুমডুমা নগৰ পৰিস্কাৰ কৰাৰ পৰা বিৰত থাকি এইসকল চাফাই কৰ্মীয়ে কৰ্মবিৰতি পালন কৰি NGO টোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰেই তেওঁলোকৰ প্ৰাপ্য দৰমহা প্ৰদান কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন