ETV Bharat / state

Child marriage in Assam: এগৰাকী গৰ্ভৱতী পত্নীয়ে মুখ্যমন্ত্ৰীলৈ কৰা কাতৰ আহ্বানে সকলোকে কৰি তুলিলে আবেগিক - A pregnant wife pleads with Chief Minister

বাল্য বিবাহৰ অভিযোগত ৰাজ্যত আটক হৈছে বহু বেআইনী স্বামীকে ধৰি দুই হাজাৰৰো অধিক লোক (Operation against child marriage) ৷ আৰক্ষীৰ অভিযানকালত আটক হোৱা নিজৰ স্বামীক হেৰুৱাই এতিয়া কান্দোনত ভাঙি পৰিছে বহু মহিলা ৷ কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে মহিলাসকল ৷ এগৰাকী সন্তান সম্ভৱা মহিলাই নিজৰ স্বামীৰ মুক্তি বিচাৰি চৰকাৰক কৰা কাতৰ আহ্বানে সকলোকে কৰি তুলিলে আবেগিক (A pregnant wife pleads with Chief Minister)৷

Wife cries over arrest of illegal husband in Kakopathar Tinsukiya
স্বামীৰ মুক্তি বিচাৰি পত্নীৰ আহ্বান
author img

By

Published : Feb 4, 2023, 9:47 AM IST

স্বামীৰ মুক্তি বিচাৰি চৰকাৰক গৰ্ভৱতী পত্নীৰ কাতৰ আহ্বান

তিনিচুকীয়া, 4 ফেব্ৰুৱাৰী: "মই নিজৰ ইচ্ছা মতে বিয়া হৈছিলোঁ ৷ মোৰ মানুহজনৰ একো দোষ নাই ৷ তেওঁ মোক অনা নাছিল ৷ মই নিজেই আহিছিলো ৷ মোৰ ঘৰত কোনো নাই ৷ মোক চাবলৈ তেওঁৰ বাহিৰে কোনো নাই ৷ তাক এৰি দিয়ক ৷ মোৰ কিবা হ’লে মোক কোনে চাব ? মোৰ মানুহজনক এৰি দিয়ক ৷" এয়া বাল্য বিবাহৰ দৰে বেইআইনী কাৰ্যৰে বিবাহপাশত আৱদ্ধ হোৱা এগৰাকী দুৰ্ভগীয়া পত্নীৰ ভাষ্য ৷ কান্দি কান্দি কেমেৰাৰ আগত স্বামীক মুক্তি দিবলৈ কাতৰ আহ্বান জনালে সন্তান সম্ভৱা পত্নীগৰাকীয়ে(A pregnant wife pleads with Chief Minister) ৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছিল (Assam drive against child marriage) ৷ তাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান ৷ এই পৰ্যন্ত বাল্য বিবাহৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰী ৰুজু হৈছে 4,004 টা গোচৰ (Child marriage cases registered in Assam) ৷

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বাল্য বিবাহ বিৰোধী অভিযানত বাল্যবিবাহৰ লগত জড়িত থকা বেআইনী স্বামীকে ধৰি পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌলবী আৰু কাজিক এফালৰ পৰা আটক কৰি গৈছে আৰক্ষীয়ে (Child marriage in Assam) ৷ এই পৰ্যন্ত আটকাধীন লোকৰ সংখ্যা 2 হাজাৰৰো অধিক হৈছেগৈ (Assam child marriage case list) ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈছে ৭৩ টাকৈ গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই তিনিচুকীয়াক এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰিছে ৩৮ জন বেআইনী স্বামীক (Illegitimate husband arrested From Tinsukia) ৷

বেআইনী স্বামীসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতে পত্নী আৰু পৰিয়ালবৰ্গৰ মাজত সৃষ্টি হৈছে এক অনাকাংক্ষিত পৰিস্থিতিৰ ৷ তিনিচুকীৱাৰ কাকপথাৰত দেখা গ’ল এক শোকাকুল পৰিৱেশ ৷ বাল্য বিবাহৰ জৰিয়তে বিবাহপাশত আৱদ্ধ হোৱা এগৰাকী 6 মহীয়া অন্তঃসত্ত্বা পত্নীয়ে কেমেৰাৰ আগত হুক হুকাই কান্দি স্বামীক এৰি দিবলৈ কাতৰ আহ্বান জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

বাল্য বিবাহৰ অপৰাধত স্বামীক আৰক্ষীয়ে আটক কৰি লৈ গৈছিল থানালৈ (Operation against Child marriage In Assam) ৷ তাৰ পিছতে এনে এক আবেগিক পৰিৱেশ দেখা পোৱা গ’ল কাকপথাৰত ৷ ইফালে স্থানীয় ৰাইজৰ চৰকাৰলৈ প্ৰশ্ন এই অকলশৰীয়া অন্তঃসত্ত্বা মহিলাগৰাকীৰ এতিয়া দায়িত্ব কোনে ল’ব ? যদি মহিলাগৰাকীৰ কিবা হয়, তেন্তে এই দায়িত্ব চৰকাৰে ল’ব নে ? - এই বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক: Operation against Child marriage: জিলাই জিলাই বাল্যবিবাহৰ বিৰুদ্ধে অভিযান; আৰক্ষীৰ জালত দুই সহস্ৰাধিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.