তিনিচুকীয়া,27 মাৰ্চঃ শুকুৰবাৰে তিনিচুকীয়াত জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে দেশজুৰি চলি থকা লক ডাউনৰ মাজতে তিনিচুকীয়াত উপস্থিত হৈ এই পৰ্যালোচনা সভাত অংশ লয় ৷ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ লগতে জিলাখনৰ চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ সৈতে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰ'ণা প্ৰতিৰোধ সন্দৰ্ভত বিভিন্ন দিশ পৰ্যালোচনা কৰে ৷ মুখ্যমন্ত্ৰীৰ এই পৰ্যালোচনা বৈঠকত ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ,বিধায়ক বলিন চেতিয়া আৰু সুৰেন ফুকনো উপস্থিত থাকে ৷
লগতে পঢ়কঃ চৰকাৰৰ সিদ্ধান্তক আদৰণি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ