গোলাঘাট, যোৰহাট, মাৰ্ঘেৰিটা, ৰঙাপৰা, শদিয়া, 22 ডিচেম্বৰঃ "বিজেপি চৰকাৰক যদি লাগে মোৰ আসন খন লৈ লওঁক, নালাগে মোক আসন ৷ 126 খন আসন লৈ চৰকাৰ গঠন কৰক কিন্তু তথাপিও সংশোধিত নাগৰিকত্ব আইন 2019 বাতিল কৰক ৷" দেওবাৰে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে গোলাঘাটৰ বাটা পইণ্টত অনুষ্ঠিত হোৱা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম আৰু প্ৰবীণ শিল্পী মঞ্চৰ শৈল্পিক প্ৰতিবাদত অংশগ্ৰহণ কৰি এই আহ্বান কৰে ৷ কোনো কাৰণতে এই আইন প্ৰণয়ন নকৰিবলৈ আহ্বান বিধায়িকা গৰাকীৰ ৷ প্ৰয়োজন সাপেক্ষে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিব বুলিও মন্তব্য কৰে বিধায়িকা গৰাকীয়ে ৷
একেদৰে তিতাবৰ মহকুমা অন্তৰ্গত অসম নাগালেণ্ড সীমান্তত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিল্পী সকলৰ লগতে বেকাজান ৰাইজে দেওবাৰে সাব্যস্ত কৰিলে CAA বিৰোধী প্ৰতিবাদ ৷ যি সময়ত সমগ্ৰ ভাৰত CAA বিৰোধী প্ৰতিবাদত ৰক্তাক্ত হৈছে তেনে সময়তে বেকাজানৰ ৰাইজে গীত গায় CAAৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজিৰ এই প্ৰতিবাদত সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, এই প্ৰতিবাদত মহিলা সকলে বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷
সমান্তৰালকৈ অসম-অৰুণাচল সীমান্ত জাগুন আহোম পথাৰ তিনিআলিতো, টিৰাপ-জাগুন জেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত CAAৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰী সকলে বিভিন্ন CAA বিৰোধী শ্লো'গানেৰে জাগুনৰ পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰী সকলো CAA বাতিল নকৰা পর্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি প্ৰতিবাদস্থলীৰ পৰা হুংকাৰ দিয়ে ৷
ৰঙাপৰাতো CAA বাতিলৰ দাবীত মহিলা সমাজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ জাতি মাটি ভেটি আৰু অসমীয়া ভাষা ৰক্ষাৰ হকে দেওবাৰে ৰঙাপৰাত মহিলা সমাজে এক অৱস্থান ধৰ্মঘটৰে প্ৰতিবাদ সাব্যস্ত কৰে। স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম দিৱসৰ লগত সংগতি আছু, যুৱ-ছাত্ৰ পৰিষদ, আছা, আটছা আৰু আগছুৰ উদ্যোগত কনকলতা প্ৰতিমূৰ্তিৰ সমীপত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত দেওবাৰে শদিয়াৰ পৰা আৰম্ভ হয় অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা ৷ তিনিচুকীয়া জিলাৰ শদিয়াৰ চপাখোৱা ৰাজহুৱা খেলপথাৰত হেজাৰ হেজাৰ ৰাইজৰ উপস্থিতিত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ৰিপুন বৰাই এই যাত্ৰা মুকলি কৰে ৷ কংগ্ৰেছৰ জেষ্ঠ নেতা দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনকে ধৰি বহু নেতাই এই যাত্ৰাত অংশগ্ৰহণ কৰি CAA বাতিলৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ লগতে চাহ-শ্ৰমিক সকলক মজুৰি বৃদ্ধিৰ দাবী কৰে ৷ সমগ্ৰ অসমজুৰি চলিবলগীয়া এই যাত্ৰাত সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগীতা কামনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷
লগতে পঢ়ক - এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি