ETV Bharat / state

কৰ'ণাৰ পৰিস্থিতিয়ে সলনি কৰিলে নৈশ বাছ চালকৰ জীৱন - আশাৰ ৰেঙণি

এগৰাকী নৈশ বাছ চালকৰ জীৱনলৈ পৰিৱৰ্তন আনিলে মহামাৰীৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিয়ে ৷ চালকৰ আসন এৰি গাহৰি ফাৰ্মেৰে জীৱিকাৰ বাট মোকলাইছে চম্পক কোঁৱৰ নামৰ এই উদ্যমী যুৱকজনে ৷

bus driver started a farm at doomdooma
কৰ'ণাৰ পৰিস্থিতিয়ে সলনি কৰিলে নৈশ বাছ চালকৰ জীৱন
author img

By

Published : May 20, 2021, 8:36 PM IST

ডুমডুমা, 20 মে’ : কৰ'ণা পৰিস্থিতিয়ে সলনি কৰিলে নৈশ বাছ চালকৰ জীৱন । ফিল'বাৰীৰ এজন যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এখন ফাৰ্ম । তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ ৰংপুৰ গাঁৱৰ এজন উদ্যমী যুৱক তথা নৈশ বাছৰ চালকে একক প্ৰচেষ্টাত গঢ় দিছে এখন গাহৰিৰ ফাৰ্ম । চম্পক কোঁৱৰ নামৰ এই উদ্যমী যুৱকজনে বিগত প্ৰায় আঠ-ন বছৰ নৈশ বাছ চলাইছিল ৷ কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে বিগত বছৰ লক’ডাউনৰ সময়ত কৰ্মহীন হৈ নিজ ঘৰতেই কিবা এটা কৰাৰ পৰিকল্পনা কৰিছিল । সেই সময়ৰ পৰা চম্পক কোঁৱৰে ১৩ টা "ইয়কচাই" নামৰ হাইব্ৰিট প্ৰজাতিৰ গাহৰিৰে লগতে প্ৰায় ১৫০ টাৰো অধিক উন্নত প্ৰজাতিৰ হাঁহৰে এখন ফাৰ্ম গঢ় দিছে ।

কৰ'ণাৰ পৰিস্থিতিয়ে সলনি কৰিলে নৈশ বাছ চালকৰ জীৱন

উল্লেখ্য যে, ফাৰ্মখনৰ নাম "আশাৰ ৰেঙণি" হিচাপে নামকৰণ কৰা হয় ৷ এই ফাৰ্মখনত হাঁহ, গাহৰীৰ উপৰিও ভোটজলকীয়া, ৰঙালাও, গোমধান, বেঙেনাৰ লগতে বহুধৰণৰ শাক-পাচলিৰ খেতিৰে সেউজীয়া সপোন ৰচিছে যুৱকজনে । ক'ৰণা পৰিস্থিতৰ বাবে বহু লোকে কৰ্ম সংস্থাপন হেৰুৱাব লগীয়া হৈছে ৷ তেনে ক্ষেত্ৰত চম্পক কোঁৱৰে নিৰাশ নহৈ আত্মনিয়োগ কৰি আত্ম-নিৰ্ভৰশীল হ'ব পাৰি তাকেই প্ৰমাণ কৰিছে ।
লগতে পঢ়ক : হিন্দুস্থান ইউনিলিভাৰে যোগান ধৰিলে চিকিৎসা সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.