ডুমডুমা,2 মাৰ্চঃ ফিল'বাৰীত খেতিয়কৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰিছে গ্ৰামসেৱকে ৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ অধীনত কৃষি ঋণ লাভৰ বাবে কৃষকৰ প্ৰয়োজনীয় প্ৰমাণ পত্ৰ প্ৰদানৰ নামত মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ স্থানীয় গ্ৰামসেৱক প্ৰদীপ গগৈৰ বিৰুদ্ধে ৷ কেমেৰাত বন্দী ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য ৷ গ্ৰামাঞ্চলৰ সাধাৰণ খেতিয়কক কৃষি ঋণ প্ৰদানৰ নামত কৃষক প্ৰমাণ পত্ৰ প্ৰদানৰ বিনিময়ত প্ৰতিজন খেতিয়কৰ পৰা সংগ্ৰহ কৰিছে ২০০ টকাকৈ ।
খেতিয়কৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ
কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ অধীনত কৃষি ঋণ লাভৰ বাবে কৃষকৰ প্ৰয়োজনীয় প্ৰমান পত্ৰ প্ৰদানৰ নামত মুকলি ধন সংগ্ৰহৰ অভিযোগ স্থানীয় গ্ৰামসেৱক প্ৰদীপ গগৈৰ বিৰুদ্ধে ৷ কেমেৰাত বন্দী ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য ৷
![খেতিয়কৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ bribe taken for providing farmer certificate](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6272802-thumbnail-3x2-d.jpg?imwidth=3840)
আনহাতে, সাংবাদিকে ধন সংগ্ৰহৰ বিষয়টোক লৈ প্ৰশ্ন কৰাত যাতায়তৰ খৰচৰ বাবেহে এই ধন লোৱা বুলি মন্তব্য কৰে গ্ৰামসেৱক প্ৰদীপ গগৈয়ে ৷ চৰকাৰী আঁচনি ৰূপায়ণৰ নামত এনেদৰে মুকলিকৈ ধন সংগ্ৰহ কৰা বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চুতীয়া ছাত্ৰ সন্থাই । ধন সংগ্ৰহৰ এই সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্তৰ দাবী কৰিছে সংগঠনটোৱে ৷