তিনিচুকীয়া,16 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দহটা দিন বাকী ৷ এই সময়ছোৱাত এতিয়া ৰাজ্যৰ প্ৰতিটো সমষ্টিতে বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ ন ন প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰ ৰাইজৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো দলৰে নেতা-পালিনেতাই ৷ সমান্তৰালকৈ অসমৰ শেষৰটো বিধানসভা সমষ্টি, 126 নং শদিয়া সমষ্টিৰ প্ৰাৰ্থীসকলেও অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ ইতিমধ্যে সমষ্টিৰ গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী বলীন চেতিয়া ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ বিজেপি-অগপ দুয়োটা দলৰে কৰ্মীসকলে সমষ্টিটোত একেলগে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷
![bolin-chetia-start-campaigning-at-sadia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11032094_3x2_image.jpg)
উল্লেখ্য যে, প্ৰচাৰৰ মাজতে বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে সমষ্টিটোৰ বহু লোকে ৷ বিগত প্ৰায় প্ৰতিদিনেই সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ বহু লোকে বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হৈছে ৷ মঙলবাৰেও শদিয়াৰ কেইবাখনো গাঁৱৰ বহু লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ৷
লগতে পঢ়কঃ অতুল বৰাক তীব্ৰ সমালোচনা টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসৰ