ETV Bharat / state

কেক কাটি প্ৰাৰ্থিত্ব লাভৰ আনন্দ প্ৰকাশ বলিন চেতিয়াৰ

author img

By

Published : Mar 7, 2021, 1:55 PM IST

বিজেপি দলৰ পৰা বলিন চেতিয়াই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাত বিপুল আদৰণি জনাই সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকে । প্ৰাৰ্থিত্ব লাভৰ পাচতে চেতিয়াক বিশাল মটৰ চাইকেল ৰেলীৰে আদৰি জনালে সমৰ্থকসকলে ৷ প্ৰাৰ্থী গৰাকীয়ে কেক কাটি প্ৰাৰ্থিত্ব লাভৰ আনন্দ প্ৰকাশ কৰে ৷

কেক কাটি প্ৰাৰ্থিত্ব লাভৰ আনন্দ প্ৰকাশ কৰিলে বলিন চেতিয়াই

শদিয়া,7 মাৰ্চ: বিজেপি দলৰ চৃড়ান্ত প্ৰাৰ্থীৰ তালিকাত ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাত বিপুল আদৰণি জনাই সহস্ৰাধিক দলীয় সমৰ্থকে । ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰাই সমৰ্থকে আদৰি আনিলে প্ৰাৰ্থী গৰাকীক ৷ বিমানবন্দৰৰ পৰা পোনে পোনে নিজ সমষ্টি শদিয়ালৈ বুলি ৰাওনা হোৱাত টিপুকৰ পৰা শদিয়ালৈ এক বৃহৎ ৰেলীৰে উষ্ম আদৰণি জনায় ৷

উল্লেখ্য যে, প্ৰাৰ্থী গৰাকীয়ে নিজ সমষ্টিত উপস্থিত হৈয়ে ধলাত এটা বিজেপি কাৰ্যালয় উদ্বোধন কৰে ৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ সমৰ্থকসকলে বলিন চেতিয়া জিন্দাবাদ ধ্বনিৰে উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলাত পত্নীসহ সমৰ্থকক লগত লৈ কেক কাটি প্ৰাৰ্থিত্ব লাভৰ আনন্দ প্ৰকাশ কৰে বলিন চেতিয়াই ৷

লগতে পঢ়ক: ফুলাম গামোচাৰে উষ্ম আদৰণি ৰূপক শৰ্মাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.