ETV Bharat / state

বুঢ়ীদিহিং মৌজাত নিষিদ্ধ হ'ব বিজেপিৰ প্ৰৱেশ !

ডুমডুমাত মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ প্ৰতিবাদ ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বুঢ়ীদিহিং মৌজাৰ বিভিন্ন সমস্য সমাধানৰ দাবীত সংগঠন দুটাৰ প্ৰতিবাদ ৷ বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় স্থাপন, কাকজান-আমগুৰি সংযোগী পথ নিৰ্মাণ, ফিল'বাৰী আদৰ্শ চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসক, যাৱতীয় ঔষধ তথা সা-সৰঞ্জামৰ ব্যৱস্থা কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ সমস্যা সমাধানৰ ব্যৱস্থা নকৰিলে বুঢ়ীদিহিং মৌজাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ ৷

bjps entry to be prohibited at burhi dihing mouja in tinisukia
বুঢ়ীদিহিং মৌজাত নিষিদ্ধ হ'ল বিজেপিৰ প্ৰৱেশ
author img

By

Published : Jan 20, 2021, 6:24 PM IST

ডুমডুমা, 20 জানুৱাৰী: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বুঢ়ীদিহিং মৌজাৰ বিভিন্ন সমস্য সমাধানৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ফিল'বাৰী-বুঢ়ীদিহিং মৌজাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় স্থাপন, কাকজান-আমগুৰি সংযোগী পথ নিৰ্মাণ, ফিল'বাৰী আদৰ্শ চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসক, যাৱতীয় ঔষধ তথা সা-সৰঞ্জামৰ ব্যৱস্থা কৰাৰ লগতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ বিভিন্ন সমস্য সমাধানৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিয়ে ডুমডুমা নগৰ খেলপথাৰৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বুঢ়ীদিহিং মৌজাত নিষিদ্ধ ক'ৰা হ'ল বিজেপিৰ প্ৰৱেশ

অঞ্চলটোৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ফিল'বাৰী-বুঢ়ীদিহিং মৌজাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে বিজেপি দলৰ সকলো কাম কাজত বাধা প্ৰদান কৰাৰ বাবে সংগঠন দুটাই ৰাইজক আহ্বান জনায় ৷

উল্লেখ্য যে 2017 চনৰ 14 চেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফিল'বাৰী আঞ্চলিক মৰাণ ছাত্ৰ সন্থা এক আলোচনাত মিলিত হৈছিল আৰু উক্ত আলোচনাৰ জৰিয়তে বুঢ়ীদিহিং মৌজাৰ ছাত্ৰ ছাত্ৰী সকলৰ উচ্চ শিক্ষাৰ বাবে 2 নং হোলুং গাঁৱত এখন আদৰ্শ মহাবিদ্যলয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ অভিযোগ অনুসৰি উক্ত আলোচনাৰ পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীৰ চিগনেচাৰ প্ৰজেক্টৰ অধীনত 9 কোটি 15 লাখ টকা ব্যয় সাপেক্ষে মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে অনুমোদন দিয়া হয় যদিও আজিকোপতি প্ৰস্তাৱিত মহাবিদ্যলয়খনৰ কাম কাজ আৰম্ভ হৈ উঠা নাই ৷

ঠিক একেদৰে 1930 চনতেই স্থাপিত হোৱা বৃহত্তৰ কাকজান অঞ্চলৰ একমাত্ৰ মূল পথ ফিল'বাৰী-কাকজান-ঘূৰণী সংযোগী পথটোকো এতিয়ালৈকে কোনোধৰণৰ চৰকাৰী আঁচনিয়ে ধুকি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ লগতে প্ৰতিবাদী ৰাইজে অভিযোগ কৰা মতে, ফিল'বাৰী-বুঢ়ীদিহিং অঞ্চলৰ একমাত্ৰ চিকিৎসালয় ফিল'বাৰী আদৰ্শ চিকিৎসালয়তো প্ৰয়োজনীয় চিকিৎসক, যাৱতীয় ঔষধ-পাতি তথা সা-সৰঞ্জামৰ কোনো ব্যৱস্থা নাই ৷

এই সকলো সমস্যাৰে জৰ্জৰিত ৰাইজে এতিয়া ক্ষুব্ধ হৈ চৰকাৰক অতি সোনকালে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বৃহত্তৰ অঞ্চলটোত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক:তিনিচুকীয়াত জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা মাহ পালন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.