ETV Bharat / state

অথঃ কয়লা সংবাদঃ কি ক'লে বিজেপি মুখপাত্ৰ সুভাষ দত্তই? - BJP Spoke Person Subhash Dutta on coal syndicate

উজনি অসমত সংঘটিত কয়লা ছিণ্ডিকেট সন্দৰ্ভত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৰা বিস্ফোৰক মন্তব্যৰ পাছতেই বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তৰ প্ৰতিক্ৰিয়া ৷ সংবাদমেলৰ আহ্বান কৰি নেতাগৰাকীয়ে ছিণ্ডিকেট সংক্ৰান্তত দলীয় স্থিতি স্পষ্ট কৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ তীব্ৰ সমালোচনা কৰে ৷

অথঃ কয়লা সংবাদঃ কি ক'লে বিজেপি মুখপাত্ৰ সুভাষ দত্তই?
author img

By

Published : Oct 3, 2019, 10:34 PM IST

তিনিচুকীয়া,3 অক্টোবৰঃ মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত উজনি অসমত কয়লাৰ ব্যাপক হাৰত ছিণ্ডিকেট সংঘটিত হোৱা বুলি নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ উত্থাপন কৰাৰ পাছতেই পুনৰ চৰ্চিত হৈ পৰিছে কয়লা ছিণ্ডিকেট প্ৰসংগ ৷ যাৰ পাচতে ৰাজ্যত জাঙুৰ খাই উঠিছে ৰাজ্যিক বিজেপি । বৃহস্পতিবাৰে তিনিচুকীয়া সাংবাদিক চৰাত অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈক উভতি ধৰে । উজনিৰ অবৈধ কয়লা সৰবৰাহ বন্ধ হৈ থকাৰ লগতে সকলো অবৈধ ব্যৱসায় বন্ধ কৰাত সোণোৱাল চৰকাৰ সফল হৈছে বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে । ইয়াৰ উপৰিও কংগ্ৰেছে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ বিভ্ৰান্তিকৰ কথাৰে অপপ্ৰচাৰ চলোৱা বুলিও সংবাদমেলত অভিযোগ কৰে সুভাষ দত্তই ।

অথঃ কয়লা সংবাদঃ কি ক'লে বিজেপি মুখপাত্ৰ সুভাষ দত্তই?

তেওঁ লগতে কংগ্ৰেছক কটাক্ষ কৰি কয়,"কংগ্ৰেছ এতিয়া ভেটিহীন, একমাত্ৰ সংবাদ মাধ্যমৰ যোগেদিহে কংগ্ৰেছে নিজৰ অস্তিত্ব জাহিৰ কৰে ৷" লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ এতিয়া সংবাদমেল আহ্বানৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে বুলিও সুভাষ দত্তই মন্তব্য কৰে ৷ ইফালে এতিয়ালৈকে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ ওপৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰে সেয়াহে লক্ষণীয় হ'ব ৷

খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত চলিছে কয়লা ছিণ্ডিকেটঃ প্ৰদুৎ বৰদলৈ

Intro:STORY:-ক্ৰমাত তীব্ৰ ৰূপ ধাৰণ কৰিছে উজনিৰ কয়লা ছিণ্ডিকেট প্ৰসংগ:: কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈক উভতি ধৰিলে বিজেপিৰ মুখপাত্ৰ সুভাশ দত্তই

তিনিচুকীয়া,৩ অক্টোবৰ:- ক্ৰমাত উজনি অসমৰ কয়লা ছিণ্ডিকেট প্ৰাসংগই তীব্ৰ ৰূপ ধাৰণ কৰিছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত। বুধবাৰে তিনিচুকীয়াত উপস্থিত হৈ নগাঁওৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈয়ে মাৰ্ঘেৰিটা আৰু জয়পুৰ কয়লা খনিত চলি থকা ছিণ্ডিকেট ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলি থকা বুলি সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰাৰ পিছতেই ৰাজ্যিক বিজেপি জাঙুৰ খাই উঠিছে। বৃহস্পতিবাৰে তিনিচুকীয়া সাংবাদিক চ'ৰাত অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধক্ষ্য তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈক উভতি ধৰে। উজনিৰ অবৈধ কয়লা সৰবৰাহ বন্ধ হৈ থকাৰ লগতে সকলো অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ সোণোৱাল চৰকাৰ সফল হৈছে বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে। ইয়াৰ উপৰিও কংগ্ৰেছে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ বিভ্ৰান্তিকৰ কথাৰে অপ-প্ৰচাৰ চলোৱা বুলিও সংবাদ মেলত উল্লেখ কৰে সুভাষ দত্তই। ইপিনে বৰ্তমাননো কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈৰ মন্তব্যৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুখ খোল নাই। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী গোৰাকীয়ে কি মন্তব্য কৰে সেয়া লক্ষণীয় হব।

Body:BYET:- সুভাষ দত্ত,মুখপাত্ৰ, ৰাজ্যিক বিজেপি

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম।

NB:- Desk It Is Importent So Go First
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.