ETV Bharat / state

কাকপথাৰত অনুষ্ঠিত দলীয় সভাত অংশগ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ - ভাৰতীয় জনতা পাৰ্টী

বুধবাৰে সন্ধিয়া প্ৰায় 5 বজাত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিজেপিৰ এখন দলীয় সভা ৷ য'ত উপস্থিত থাকে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

কাকপথাৰ
কাকপথাৰ
author img

By

Published : Oct 28, 2020, 10:35 PM IST

শদিয়া, 28 অক্টোবৰ: বুধবাৰে কাকপথাৰত অনুষ্ঠিত কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ভাৰতীয় জনতা পাৰ্টীৰ কাকপথাৰ মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কাৰ্যকৰ্তা সভাখন ৷ সন্ধিয়া প্ৰায় 5 বজাত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত মন্ত্ৰী গৰাকীয়ে শদিয়া সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি কোৱাৰ লগতে ভিন্ন উন্নয়নমূলক কামৰ বিষয়ে উল্লেখ কৰে ৷

কাকপথাৰত অনুষ্ঠিত দলীয় সভাত অংশগ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ

তেওঁ কয় যে, মাইক্ৰ'ফাইনেন্সৰ ক্ষেত্ৰত মহিলাসকলৰ প্ৰায়বোৰ সমস্যাৰে সমাধান কৰা হ'ব ৷ বিষয়টো কেবিনেটৰ বিচাৰাধীন হৈ আছে ৷ অহা মাহত ৰাইজে তাৰ স্বৰূপ দেখিবলৈ পাব ৷ লগতে কাকপথাৰৰ প্ৰাথমিক চিকিৎসালয়খন 30 খন বিচনাযুক্ত হোৱাৰ লগতে, কাকপথাৰ ৰাজহুৱা খেলপথাৰখনত উন্নতমানৰ ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, বুধবাৰে কাকপথাৰত অনুষ্ঠিত সভাখনত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভাস্কৰ শৰ্মা, সুৰেণ ফুকন, বলিন চেতিয়া, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণৰ লগতে উপস্থিত থাকে প্ৰায় 2 শহস্ৰাধিক কাৰ্যকৰ্তা ৷

লগতে পঢ়ক: বঙাইগাঁৱত ৰাইজৰ দলৰ আহ্বায়ক সমিটি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.