ETV Bharat / state

শদিয়াৰ ড৹ ভূপেন হাজৰিকা সেঁতুৰ তলত বিজেপিৰ বুথ সন্মিলন

শনিবাৰে তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ ড৹ ভূপেন হাজৰিকা সেতুৰ তলত অনুষ্ঠিত কৰা হয় বিজেপিৰ বুথ সন্মিলন আৰু প্ৰীতিভোজ ৷ সহস্ৰাধিক বিজেপি কৰ্মী উপস্থিত থকা উক্ত অনুষ্ঠানত পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই "কা"ৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদসমূহক তীব্ৰ সমালোচনা কৰে ৷

author img

By

Published : Jan 20, 2020, 6:11 PM IST

BJP Booth Meet at Sadiya
শদিয়াৰ ড৹ ভূপেন হাজৰিকা সেঁতুৰ তলত বিজেপিৰ বুথ সন্মিলন

শদিয়া,20 জানুৱাৰীঃ ৰাজ্যত অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী বিভিন্ন প্ৰতিবাদৰ মাদজতেই শাসনাধীস্থ বিজেপি চৰকাৰখনেও আয়োজন কৰিছে বিভিন্ন সভাৰ ৷ শনিবাৰে তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ ড৹ ভূপেন হাজৰিকা সেঁতুৰ তলত অনুষ্ঠিত কৰা হয় বিজেপিৰ বুথ সন্মিলন আৰু প্ৰীতিভোজ ৷ সহস্ৰাধিক বিজেপি কৰ্মী উপস্থিত থকা উক্ত অনুষ্ঠানত পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই "কা"ৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদসমূহক তীব্ৰ সমালোচনা কৰে ৷ কংগ্ৰেছৰ প্ৰৰোচনাত সমগ্ৰ অসমতে আন্দোলন হৈ থকা বুলি ক্ষোভ ব্যক্ত কৰাৰ লগতে ড৹ ভূপেন হাজৰিকা সেঁতুক পৰ্যটনৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰে জয়ন্তমল্ল বৰুৱাই ৷ উক্ত সন্মিলনত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা ,বিধায়ক বলিন চেতিয়াৰ লগতে তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণ ৷ উল্লেখ্য যে, সভাস্থলীলৈ যোৱাৰ পথতে বিজেপিৰ নেতাসকলক আছুৱে ৰাজপথত ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিজেপিৰ বুথ সন্মিলন

লগতে পঢ়ক-কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাৰ পৰিৱেশ অনুকুল পদক্ষেপ

Intro:শদিয়া সমষ্টিৰ ধলাৰ ড' ভুপেন হাজৰিকা বিজেপিৰ বুথ সন্মিলন ও প্ৰিতিভুজ

শদিয়া : ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈ থকাৰ মাজতে বিজেপিয়ে আৰম্ভ কৰিছে বিভিন্ন সভা সমিতি ৷ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ ড' ভুপেন হাজৰিকা সেতুৰ তলত অনুষ্ঠিত কৰা বুথ সন্মিলন নামেৰে প্ৰিতিভুজৰো আয়োজন কৰে ৷ সহস্ৰাধীক বিজেপি কৰ্মী উপস্থিত থকা অনুষ্ঠানত পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই কা ৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদকাৰীক তীব্ৰ সমালোচনা কৰে ৷ কংগ্ৰেছৰ প্ৰৰোচনাত সমগ্ৰ অসমত আন্দোলন হৈ থকা বুলি ক্ষোভ ব্যক্ত কৰাৰ লগতে ড' ভুপেন হাজৰিকা সেতু পৰ্যটনৰ কেন্দ্ৰ বিন্দু কৰি তোলাৰ বাবে ব্যৱস্থা লোৱা বুলি ব্যক্ত কৰে ৷ সন্মিলনখনত স্থানীয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে ৷ উল্লেখ্য যে উক্ত স্থলীলৈ যোৱা সাংসদ, বিধায়ক, পৰ্যটন বিভাগৰ অধ্যক্ষ গৰাকীক আছুৱে ৰাজপথত কলা পতাকা দেখোৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷Body:Byte : 1/ Chairman, Tourisiam
2/ MLA SadiyaConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.