ETV Bharat / state

বিশ্ব শান্তিৰ উদ্দেশ্যে তিনিচুকীয়াত বিষ্ণু যজ্ঞ

প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ তিনিচুকীয়াত বিষ্ণু যজ্ঞ ৷ ড৹ ভূপেন হাজৰিকা সেতুৰ সমীপত ৰুষ্ট প্ৰকৃতিক শান্ত কৰিবলৈ তিনিচুকীয়া জিলাৰ বৈষ্ণৱ সভাৰ উদ্যোগত লোৱা হৈছে এই বিশেষ পদক্ষেপ ৷ বিষ্ণু যজ্ঞৰ লগতে নাম কীৰ্ত্তন,ভাগৱত পাঠৰ আয়োজন ৷ ব্ৰহ্মপুত্ৰৰ পৰা পানী তুলি যজ্ঞ স্থলীত অৰ্পণ ৷

author img

By

Published : Nov 6, 2020, 7:39 AM IST

তিনিচুকীয়াত বিষ্ণু যজ্ঞ
তিনিচুকীয়াত বিষ্ণু যজ্ঞ

শদিয়া, 6 নৱেম্বৰ : প্ৰকৃতিক সন্তুষ্ট কৰাৰ উদ্দেশ্যে তিনিচুকীয়াত বিষ্ণু যজ্ঞৰ আয়োজন ৷ তিনিচুকীয়া জিলা বৈষ্ণৱ সভাৰ উদ্যোগত ড৹ ভূপেন হাজৰিকা সেতুৰ সমীপত এই যজ্ঞৰ আয়োজন কৰা হয় ৷ ৰাইজৰ মতে অতি সম্প্ৰতি বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা অতিমাৰীৰ লগতে বানপানী,ভূমিকম্প,আবতৰীয়া ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগে প্ৰকৃতি ৰুষ্ট হোৱাৰ কথা প্ৰমাণ কৰিছে ৷ সেয়ে বিশ্ব শান্তিৰ উদ্দেশ্যে তিনিচুকীয়া জিলা বৈষ্ণৱ সভাই বিষ্ণু যজ্ঞৰ লগতে নাম কীৰ্ত্তন,ভাগৱত পাঠ,আধ্যাত্মিক প্ৰাৰ্থনা আৰু অন্যান্য যজ্ঞৰ আয়োজন কৰিছে ৷ অনুষ্ঠানৰ আৰম্ভণিতে ব্ৰহ্মপুত্ৰৰ পৰা পানী তুলি যজ্ঞ স্থলীত অৰ্পণ কৰা হয় আৰু শেষত যজ্ঞৰ আহুদি সমূহ ব্ৰহ্মপুত্ৰ নদীত উটুৱাই সমাজৰ পৰা অপায় অমংগল সমূহ আঁতৰাই নিয়াৰ বাবে প্ৰাৰ্থনা কৰা হয় ৷

ড° ভূপেন হাজৰিকা সেতুৰ সমীপত বিষ্ণু যজ্ঞৰ আয়োজন

ড° ভূপেন হাজৰিকা সেতুৰ সমীপত ধলা-শদিয়া ব্ৰহ্মপুত্ৰ বালি চাপৰিত অনুষ্ঠিত কৰা এই অনুষ্ঠানত ভিন্ন ঠাইৰ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশ লয় । শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া আৰু বিধায়ক গৰাকীৰ পৰিবাৰ,শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মুনমুন মহন্ত,চেঙেলি চুপহা সত্ৰৰ সত্ৰাধিকাৰৰ লগতে ৰাজ্যখনৰ বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰ তথা ভকত বৈষ্ণৱ এই অনুষ্ঠানত উপস্থিত থাকে ৷ উল্লেখ্য যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সমাজৰ অপায়,অমংগল সমুহ দূৰ কৰাৰ বাবে এনেদৰে ৰাজহুৱাভাবে যজ্ঞৰ আয়োজন কৰাৰ কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়ক: প্ৰশান্ত ফুকন চেলেপু মানুহঃ নীলমনি সেন ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.