তিনিচুকীয়া, 20 নৱেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় বীৰ ৰাঘৱ মৰাণ দিৱস আৰু তিনিচুকীয়াৰ হাপজান বৰনামঘৰৰ ১২১ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান। ১৮ আৰু ১৯ নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে আয়োজন কৰা অনুষ্ঠানত বৰগীত,দিহানাম,বিয়ানাম,খেৰী আদি কেইবাটাও প্ৰতিযোগিতামূলক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ।
তিনিচুকীয়াৰ হাপজান বৰনামঘৰৰ ১২১ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান সম্পন্ন প্ৰথম দিনাৰ কাৰ্যসূচীত ড০ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। লগতে অন্তিম দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত হৈ বৰনামঘৰত সেৱা জনায় ৷
তিনিচুকীয়াৰ হাপজান বৰনামঘৰৰ ১২১ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান সম্পন্ন অনুষ্ঠানটোৰ দ্বিতীয় দিনা মুকলি সভাত বিশিষ্ট লেখক,সাহিত্যিক ইছমাইল হুছেইনে উপস্থিত থাকি এখন স্মৃতিগ্ৰন্থৰ উন্মোচন কৰে। মুকলি আৰু বঁটা বিতৰণী সভাৰ পিছতে বীৰ ৰাঘৱ মৰাণ দিৱস আৰু হাপজান বৰনামঘৰৰ ১২১ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানৰ সংগতি ৰাখি এখন নাট
"বীৰ ৰাঘৱ" পৰিৱেশন কৰা হয়।
লগতে পঢ়ক: অসম আৰক্ষীৰ শিশু মিত্ৰ সমল কেন্দ্ৰ মুকলি