তিনিচুকীয়া, 19 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, মাকুম আঞ্চলিক সমিতি, অসম মৰাণ সভা, বাৰেকুৰি আঞ্চলিক সমিতি আৰু জাতীয় সুৰক্ষা সমিতি, তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত বৃহত্তৰ বাৰেকুৰি অঞ্চলত উলিওৱা হয় এক প্ৰতিবাদী মটৰ চাইকেল ৰেলী ৷ ১২৩ নং ডিগবৈ বিধান সভাৰ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াই অসমৰ দল সংগঠন সমূহক যি কটু মন্তব্য প্ৰদান কৰিছিল তাৰ বিৰুদ্ধে তীব্ৰ গৰিহণা প্ৰদান কৰাৰ লগতে ৰাজহুৱা ভাৱে ক্ষমা খুজিবলৈ এই বাইক ৰেলীৰ জৰিয়তে আহ্বান জনায় প্ৰতিবাদকাৰী সকলে ৷
আনহাতে, বাঘজানৰ অগ্নিকাণ্ডই ক্ষতিগ্ৰস্ত কৰা বাৰেকুৰিবাসী ৰাইজক মাত্ৰ দহ হাজাৰ টকা দিয়ে দায়িত্ব সামৰা অইল ইণ্ডিয়া লিমিটেডক পুনৰ ১০ লাখ টকাকৈ প্ৰতিটো পৰিয়ালক সাহাৰ্য্য দিবলৈ দাবী জনায় এই সকল প্ৰতিবাদকাৰী সকলে । যদিহে এই দাবী মানি নলয় তেন্তে বাৰেকুৰি অঞ্চলত অইল ইণ্ডিয়া লিমিটেডক নিষিদ্ধ ঘোষণা কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰে এই বাইক ৰেলীৰ জৰিয়তে ।
ইফালে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে অখিল গগৈক যি ষড়যন্ত্ৰ মূলক ভাৱে গ্ৰেপ্তাৰ কৰি এবছৰতকৈয়ো অধিক দিন কাৰাৰুদ্ধ কৰি ৰাখিছে । সেই ষড়যন্ত্ৰ সামৰি বিনা চৰ্তে অখিল গগৈক মুকলি কৰি দিবলৈ দাবী জনোৱাৰ লগতে আৰু কেন্দ্ৰীয় চৰকাৰে জন বিৰোধী আইন 'কা' আৰু তিনিখনকৈ কৃষক বিৰোধী কৃষি আইন জাপি দিছে সেই আইনো অতি সোনকালে নাকচ কৰিব লাগে বুলি দাবী জনায় প্ৰতিবাদকাৰী সকলে ।
উল্লেখ্য যে, কেইবাটাও দাবী লৈ কৰা এই বাইক ৰেলীত তিনিশ খন বাইকে অংশগ্ৰহণ কৰে । শাসনাধীস্থ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’ গান দি প্ৰতিবাদকাৰী সকলে উত্তাল কৰে ৰাজপথ ৷