ETV Bharat / state

চাবুৱাৰ কাজিখোৱাত চাহ মজদুৰ শ্ৰমিকৰ বিশাল বাইক ৰেলী

author img

By

Published : Jan 16, 2021, 4:51 PM IST

চাহ শ্ৰমিকসকলৰ দাবীসমূহ কাৰ্যকৰী নকৰিলে পৰৱৰ্তী সময়ত সকলো চাহ শ্ৰমিকক লগত লৈ ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

bike-rally-in-sabowa-on-various-demand-by-sah-mojdur-sramik
চাবুৱাৰ কাজিখোৱাত চাহ মজদুৰ শ্ৰমিকৰ বিশাল বাইক ৰেলী

তিনিচুকীয়া,16 জানুৱাৰী: চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, মাটি পট্টা প্ৰদান কৰা, ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকসকলক দৈনিক হাজিৰা বৃদ্ধি কৰা, জনজাতিকৰণ কৰা আদি কেইবাটাও দাবীৰে চাবুৱাত চাহ মজদুৰ শ্ৰমিকৰ বিশাল বাইক ৰেলী ৷ শনিবাৰে চাবুৱাৰ কাজিখোৱাস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা বিশাল বাইক ৰেলীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাহ মজদুৰ শ্ৰমিকসকলে ৷

চাবুৱাৰ কাজিখোৱাস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা নাডুৱা চাইডিঙলৈকে বাহিৰ কৰা এই বাইক ৰেলীত প্ৰায় শতাধিক শ্ৰমিকে অংশগ্ৰহণ কৰে ৷ লগতে চাবুৱাৰ ৰাজপথেৰে গৈ পানীতোলা শাখাৰ অন্তৰ্ভুক্ত সকলো ক্ষুদ্ৰ চাহ বাগিচা পৰিভ্ৰমন কৰে প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, উক্ত বাইক ৰেলীৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ লগতে চাবুৱা অঞ্চলৰ বিভিন্ন চাহ বাগিচাৰ শ্ৰমিকসকলে ৷ চাহ শ্ৰমিকসকলৰ দাবীসমূহ শাসনাধীস্থ বিজেপি চৰকাৰখনে প্ৰকৃতাৰ্থত কাৰ্যকৰী নকৰিলে পৰৱৰ্তী সময়ত সকলো চাহ শ্ৰমিকক লগত লৈ ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃ সত্যৰঞ্জন বৰাৰ আক্ৰমণৰ অভিযোগত আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.