ETV Bharat / state

সাৱধান তিনিচুকীয়া ! বন্দুক দেখুৱাই লুটি নিব পাৰে আপোনাৰ ধন - সাৱধান তিনিচুকীয়া ! বন্দুক দেখুৱাই লুটি নিব পাৰে আপোনাৰ ধন

তিনিচুকীয়াত পিয়াপি দি ফুৰিছে বন্দুকধাৰী দুৰ্বৃত্তই ৷ দেওবাৰে নিশা বন্দুকধাৰী দুৰ্বৃত্তই এগৰাকী ব্যৱসায়ীক আঘাতপ্ৰাপ্ত কৰি লুটি নিয়ে নগদ ধনকে ধৰি বাহন ৷

প্ৰতিনিধিত্বমুলক ছবি
author img

By

Published : Nov 4, 2019, 4:08 AM IST

Updated : Nov 4, 2019, 10:01 AM IST

তিনিচুকীয়া, 4 নৱেম্বৰঃ তিনিচুকীয়াত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ তিনিচুকীয়াৰ ডুমডুমাত সংঘটিত হৈছে এই ঘটনা ৷ দেওবাৰে নিশা প্ৰায় 9 মান বজাত সংঘটিত হয় ডকাইতিৰ ঘটনাটো ৷ ডুমডুমা কলিয়াপানী নিবাসী তথা উচামাটিস্থিত "মিনু মটৰ্ছ"ৰ স্বত্বাধিকাৰী সঞ্জয় আগৰৱালাক বন্দুক দেখুৱাই দুৰ্বৃত্তই লুটি নিয়ে নগদ ধনৰ লগতে চলাই অহা স্কুটীখন ৷ তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে ব্যৱসায়ীজনক মূৰত আক্ৰমণ কৰি স্কুটীসহ নগদ 50 হাজাৰ টকা লৈ উধাও হয় ৷ অৱশ্যে ঘটনাৰ কিছুসময়ৰ পাচতেই স্কুটীখন দুৰ্ঘটনাগ্ৰস্ত হয় যদিও ঘটনাস্থলীতে স্কুটী এৰি নগদ ধনসহ পলায়ন কৰে অস্ত্ৰধাৰী যুৱকৰ দলটোৱে ৷

বন্দুক দেখুৱাই ব্যৱসায়ীক লুট

ঘটনা সন্দৰ্ভত ব্যৱসায়ীগৰাকীয়ে এয়া ডকাইতিৰ পৰিৱৰ্তে অপহৰণৰ চেষ্টা বুলি জনাইছে ৷ ইতিমধ্যে চিকিৎসাধীন হৈ থকা ব্যৱসায়ীগৰাকীয়ে স্থানীয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়কঃ বাংলাদেশীৰ সহযোগত অসমত অবৈধ প্ৰৱেশ নাইজেৰিয়ান লোকৰ

Intro:Date: 03-11-2019

Slug: ডুমডুমা নগৰৰ মাজমজিয়াত পুণৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড ।

:ব্যৱসায়ীক আক্রমণ কৰি টকা সহ স্কুটি লৈ উধাও ডকাইতৰ দল ।

V/O: ডুমডুমা নগৰৰ মাজমজিয়াত দেওবাৰ নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড । নিশা প্ৰায় ৯ বজাত ডুমডুমা কলিয়াপানী নিবাসী তথা উচামাটিস্থিত "মিনু মটৰচ্" ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সঞ্জয় আগৰৱালাই নিজ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি স্কুটিৰে ঘৰলৈ ওভতাৰ সময়তেই ঘৰৰ দূৱাৰ মূখ পোৱাৰ লগে লগে পালচাৰ মটৰ চাইকেলত অহা তিনিজনীয়া যুৱকৰ এটা দলে পিষ্টল জাতীয় অস্ত্রৰে সঞ্জয় আগৰৱালক প্ৰথমে মূৰত আক্ৰমণ কৰে আৰু এজন যুৱকে আগৰৱালৰ স্কুটিখন লৈ পলায়ন কৰে । কিন্তু ৰহশ্যজনকভাৱে কিছু সময়ৰ পিছতেই ব্যৱসায়ী জনৰ স্কুটিখন ঘৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হ'য় যদিও স্কুটিখনৰ ডিকিত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ প্ৰায় ৫০/৬০ হাজাৰ টকা লৈ ডকাইতৰ দলটোৱে উধাও হ'য় । ডকাইতৰ আক্ৰমণত সঞ্জয় আগৰৱালাই মূৰত গুৰুত্বৰ আঘাত প্ৰাপ্ত হৈ চিকিৎসাধীন হ'ব লগা হৈছে । এই ঘটনাক সঞ্জয় আগৰৱালাই সাধাৰণ ডকাইতৰ ঘটনাৰ পৰিৱর্তে অপহৰণৰ চেষ্টাৰ ঘটনা বুলিহে কব বিছাৰিছে । ঘটনাটোৱে ডুমডুমা নগৰখনৰ ব্যৱসায়ী সকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই ঘটনাই আৰক্ষীৰ ফুপোলা স্বৰূপ পুণৰ ওদঙাই দিয়ে । মন কৰিবলগীয়া যে ডুমডুমা আৰু ইয়াৰ দাতি-কাষৰীয়া অঞ্চলত কিছুদিনৰ পৰা বিভিন্ন ধৰণৰ অসামাজিক আৰু অপৰাধজনীত ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

Byte: ব্যৱসায়ী সঞ্জয় আগৰৱালা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 03-11-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
Last Updated : Nov 4, 2019, 10:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.