শদিয়া,14 এপ্ৰিল : আজি গৰু বিহু ৷ ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে গৰু বিহু ৷ এই গৰু বিহুৰ দিনটোতে কাকপথাৰৰ 1নং লাজুম পথাৰতো পৰম্পৰাগতভাৱে পুৱাই গৰুক গা ধুৱাই নিয়ম-নীতিসমূহ পালন কৰাৰ পাচতেই শিশুসকলৰ বাবে আয়োজন কৰে শিশু বিহুমেলাৰ ৷
1নং লাজুম পথাৰ যুৱক সংঘ আৰু মইনা পাৰিজাতৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্যসূচীটোত পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পাচতেই অনুষ্ঠিত কৰা হয় কণী যুঁজ প্ৰতিযোগীতা ৷ কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধসকলেও এই কণী যুঁজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷
ইয়াৰ পাচতেই সমন্বয় যাত্ৰা নামেৰে সাংস্কৃতিক শোভাযাত্ৰাৰে গাঁও পৰিভ্ৰমণ কৰে শিশুসকলে ৷ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাচতেই মুকলি সভাত কেইবাজনো শিশু বক্তাৰ লগতে মইনা পাৰিজাতৰ জিলা পৰ্যায়ৰ বিষয়ববীয়াই বক্তব্য প্ৰদান কৰি শিশুৰ শৈক্ষিক, মানসিক, সাংস্কৃতিক ইত্যাদি দিশত লাভান্বিত হোৱাকৈ বক্তব্য প্ৰদান কৰে ৷