ETV Bharat / state

ক্ষতিপূৰণৰ দাবীত বাঘজানৰ প্ৰৱেশদ্বাৰত ৰাইজৰ উত্তাল প্ৰতিবাদ - বাঘজানলৈ যোৱা প্ৰৱেশদ্বাৰ অৱৰোধ

বাঘজানৰ অভিশপ্ত জুইকুৰা নিৰ্বাপিত হ'ল সঁচা; কিন্তু বাঘজানবাসীৰ লগতে বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ সক্ষম নহ'ল ৰজাঘৰীয়া ৷ বুধবাৰে বাঘজানলৈ যোৱা প্ৰৱেশদ্বাৰ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৰঙাগড়াবাসী ৰাইজে ৷

As_tsk_baghjan_issue_img_AS10027
ক্ষতিপূৰণৰ দাবীত বাঘজানৰ প্ৰৱেশদ্বাৰত ৰাইজৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Nov 25, 2020, 10:05 PM IST

তিনিচুকীয়া, 25 নৱেম্বৰ : সুদীৰ্ঘ ১৭৩ দিনৰ অন্তত ১৫ নৱেম্বৰত নিৰ্বাপিত হয় বাঘজানৰ অভিশপ্ত জুইকুৰা ৷ সুদূৰ কানাডাৰ পৰা অনা স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত বাঘজানৰ জুইকুৰা নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল । কিন্তু বাঘজানবাসীৰ লগতে বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ আজিও সক্ষম নহ'ল ৰজাঘৰীয়াই ৷

As_tsk_baghjan_issue_img_AS10027
ক্ষতিপূৰণৰ দাবীত বাঘজানৰ প্ৰৱেশদ্বাৰত ৰাইজৰ উত্তাল প্ৰতিবাদ

বুধবাৰে নতুন ৰঙাগড়াবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণ বিচাৰি তিনিচুকীয়াৰ পৰা বাঘজানলৈ যোৱা প্ৰৱেশদ্বাৰ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰায় তিনি শতাধিক লোকে অংশগ্ৰহণ কৰি গাড়ী-মটৰ অহা-যোৱাৰ ক্ষেত্ৰত বাধা‌ আৰোপ কৰে ৷ ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক অতি সোনকালে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ইয়াতকৈয়ো অধিক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলিও নতুন ৰঙাগড়াবাসী ৰাইজে সকিয়াই‌ দিয়ে ৷

লগতে পঢ়ক:প্ৰয়াত তৰুণ গগৈৰ অন্তিম যাত্ৰাত মহানগৰীত যানবাহনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.