তিনিচুকীয়া, 29 মে': 72 ঘণ্টা পাৰ হৈ যোৱা পিছতো নিয়ন্ত্ৰণলৈ অহা নাই তিনিচুকীয়াৰ বাঘজান তৈল ক্ষেত্ৰৰ পাঁচ নম্বৰ খাদৰ পৰা গেছ নিৰ্গত হোৱাৰ ঘটনা ৷ এই ঘটনাই এতিয়া অধিক আতংকিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক ৷ গেছ খাদটোৰ পৰা বৰ্তমানেও অহৰহ ভাবে নিৰ্গত হৈ আছে গেছ ৷ শুকুৰবাৰে দিনটোত অঞ্চলটোত গেছ আৰু তেল সংমিশ্ৰিত পদাৰ্থ নিৰ্গত হৈ বহু পক্ষ ধনৰ মৃত্যু হয় ৷
সমান্তৰাল কৈ কাষৰীয়া মাগুৰি মতাপু বিলৰ জলচৰ প্ৰাণীৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ দিনৰ ভাগত এটা আপুৰুগীয়া শিশু পোৱালি ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মতাপু বিলত ৷ তৈল ক্ষেত্ৰৰ পৰা মাত্ৰ 500 মিটাৰ আতৰ থকা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতো ইয়াৰ প্ৰভাৱ গুৰুতৰ ভাবে পৰিছে ৷
উল্লেখ্য যে, বুধবাৰে পুৱা পৰা তিনিচুকীয়াৰ বাঘজান তৈল ক্ষেত্ৰৰ পাঁচ নম্বৰ খাদত হঠাতে কাৰিকৰী বিজুটি ঘটি অইলৰ পাইপলাইন বিস্ফোৰণ হৈ অহৰহ ভাবে নিৰ্গত হৈছিল গেছ ৷ ঘটনাক নিয়ন্ত্ৰন কৰিবৰ বাবে অহৰহ চেষ্টা কৰি আছে যদিও সফল হোৱা নাই জিলা প্ৰশাসনৰ লোক ৷ অইল খাদৰ ওচৰৰ 600 পৰিয়ালক বাঘজান প্ৰাথমিক বিদ্যালয় অস্থায়ী শিবিৰ তৈয়াৰ কৰি ৰিলিফৰ ব্যৱস্থা গ্ৰহন কৰিছে জিলা প্ৰশাসন আৰু অইল কৃতপক্ষই ৷
লগতে পঢ়কঃ বাঘজান গেছ-পাইপলাইন বিস্ফোৰণঃ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈ ফোন মুখ্যমন্ত্ৰীৰ