তিনিচুকীয়া, 30 মে': তিনিদিনৰ পাছতো নিয়ন্ত্ৰণলৈ অহা নাই তিনিচুকীয়া বাঘজানৰ গেছ পাইপ বিস্ফোৰণ ঘটনা ৷ ক্ৰমাৎ বেয়াৰ দিশে গতি কৰিছে সমগ্ৰ ঘটনা ৷ অইলৰ চূড়ান্ত গাফিলতিৰ বাবেই এতিয়া প্ৰাণৰ সংশয়ত ভুগিছে স্থানীয় জনতা ।
তৈল খাদৰ পৰা প্ৰচণ্ড শব্দৰে অহৰ্নিশে নিৰ্গত হোৱা তেল সংমিশ্ৰিত পদাৰ্থই মানুহৰ লগতে কাষৰীয়া ডিব্ৰু ছৈখোৱা ৰাষ্টীয় উদ্যান আৰু মাগুৰি মতাপুং বিলৰ জীৱ কুললৈ কঢ়িয়াই আনিছে চৰম ভাবুকি ৷ ইতিমধ্যে অঞ্চলটোত বহু গৰু ছাগলীৰ লগতে মাগুৰি বিলত এটা বিৰল শিহুৰ মৃত্যু হৈছে ।
সমগ্ৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে ঘটনাস্থলীত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈসহ ছাত্ৰ সন্থাৰ এটা সজাতি দল ৷ পৰিস্থিতি বুজ লৈ শীঘ্ৰেই গেছ নিৰ্গমন বন্ধ কৰিবলৈ অইল কৃৰ্তপক্ষ আৰু চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই । লগতে ডিব্ৰু ছৈখোৱাৰ ইক' ছেনচিটিভ জ'নত অইলৰ তৈল খনন বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ।
লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ মৰাণৰ অকলশৰীয়া আইতাক ঘৰ সাঁজি দিলে কেইজনমান যুৱকে