ETV Bharat / state

ক্ষতিপূৰণৰ দাবীত পুনৰ প্ৰৱল প্ৰতিবাদত নামিছে বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজ - Baghjan effected peoples protest

ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত বাঘজান-দীঘলটৰং উন্নয়ন সমিতিৰ উদ্যোগত সোমবাৰৰ পৰা অনিৰ্দিষ্টকালীন বাঘজানৰ EPS অইল অৱৰোধ কাৰ্যসূচী হাতত লৈছে ৰাইজে ৷ ইতিবাচক সঁহাৰি লাভ নকৰিলে আন্দোলন দীঘলীয়া হোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ ৷

baghjan-effected-peoples-protest-demanding-compensation
ক্ষতিপূৰণৰ দাবীত পুনৰ প্ৰৱল প্ৰতিবাদত নামিছে বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজ
author img

By

Published : Jan 18, 2021, 9:43 PM IST

তিনিচুকীয়া,18 জানুৱাৰী : বাঘজানৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত পুনৰ উত্তেজিত হৈ পৰিছে বাঘজান-দীঘলটৰংবাসী ৰাইজ ৷ বহু প্ৰতিবাদৰ পাছতো তিনিচুকীয়া জিলা প্ৰশাসন, চৰকাৰ তথা অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষৰ পৰা কোনোধৰণৰ সঁহাৰি নোপোৱাত এইবাৰ অনিৰ্দিষ্টকালীন বাঘজান EPS অইল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাইজে ৷ সোমবাৰৰ পৰা বাঘজান-দীঘলটৰং উন্নয়ন সমিতিৰ উদ্যোগত বাঘজান EPS তৈলকূপৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে প্ৰতিবাদী ৰাইজে ৷

প্ৰতিবাদকাৰী সকলৰ দাবী শীঘ্ৰে ক্ষতিগ্ৰস্ত ৰাইজক অইল ইণ্ডিয়া লিমিটেডে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক ৷ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (NGT)ত নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে ৰাইজে ৷ আনহাতে অহা মঙলবাৰৰ ভিতৰত অইল কৰ্তৃপক্ষ, ক্ষতিগ্ৰস্ত ৰাইজ আৰু জিলা প্ৰশাসনৰ মাজত ত্ৰি-পাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ পিছতো কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ নকৰিলে অনিৰ্দিষ্টকালীন বাঘজানৰ EPS অইল অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ৷

ক্ষতিপূৰণৰ দাবীত পুনৰ প্ৰৱল প্ৰতিবাদত নামিছে বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজ

উল্লেখ্য যে,উপযুক্ত ক্ষতিপূৰণৰ দাবীৰে যোৱা 11 জানুৱাৰীত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল ক্ষতিগ্ৰস্ত ৰাইজে ৷ কিন্তু উক্ত স্মাৰক পত্ৰ প্ৰদান কৰাৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো কোনোধৰণ সঁহাৰি লাভ নকৰিলে প্ৰতিবাদকাৰী সকলে ৷ যাৰ বাবে সোমবাৰৰ পৰা বাঘজান EPS তৈলকূপৰ সন্মুখত অনিৰ্দিষ্টকালীন বাঘজান EPS অইল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাইজে ৷ মন কৰিবলগীয়া যে, 2020 বৰ্ষৰ 15 নৱেম্বৰ তাৰিখেই নিৰ্বাপন হৈছিল বাঘজান BGR ৫ নং তৈলখাদৰ জুই ৷ জুই নিৰ্বাপন হোৱাৰ 2 মাহ উকলি যোৱাৰ পাছতো চৰকাৰে ক্ষতিগ্ৰস্ত ৰাইজক কোনোধৰণৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা নাই ৷

লগতে পঢ়কঃ বাৰ্ড ফ্লু'ৰ আতংক : নিষেধাজ্ঞাৰ পিচতো বংগৰ পৰা নিতৌ আমদানি ব্ৰইলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.