মাৰ্ঘেৰিটা,12 জুলাইঃ দিহিং নৈৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাইট পঞ্চায়তৰ বহু বিঘা কৃষিভূমি আৰু বহু সংখ্যক বাস গৃহ । বানে জলমগ্ন কৰিছে কেইবাখনো গাঁও ৷ ধান খেতি নষ্ট হোৱাৰ লগতে হানি হৈছে বহু পশু ধন ৷ এই বানত বিশেষকৈ সৰ্বোদয়, ঘৰফলীয়া, নৱজ্যোতি আদি অঞ্চলৰ লোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ বলীয়া বানে কৰা এই দুৰ্দশাৰ বাবে এতিয়া বহুজনে চকুলোৰে বাট নেদেখা হৈছে ৷
বছৰ-বছৰ ধৰি ৰাইজে চৰকাৰৰ পৰা এইক্ষেত্ৰত সহায় বিচাৰি আহিছে যদিও বিনিময়ত তেওঁলোকে পাইছে কেৱল মিছা প্ৰতিশ্ৰুতি । ৰাইজে মাথো এটি মথাউৰি বিচাৰি আবেদন কৰিছিল কিন্তু এওঁলোকৰ আবেদনৰ প্ৰতি কিঞ্চিতমানো সঁহাৰি নাই জনপ্ৰতিনিধি তথা চৰকাৰী আমোলা বিষয়াৰ । সেয়ে এইসকল খাটিখোৱা চহা গাঁৱলীয়া লোকে প্ৰতিটো বছৰে এইদৰে সহিব লগা হয় প্ৰকৃতিৰ ৰুঢ়তা ৷ তেওঁলোকে প্ৰতিবাৰেই সহিব হ'ব লগা হয় অবাঞ্চিত ভয়াৱহ বান পৰিস্থিতি ৷