মাৰ্ঘেৰিটা,1ফেব্ৰুৱাৰীঃ অসমীয়া ভাষাৰ প্ৰেমত পৰা এজন অষ্ট্ৰেলিয়াৰ ভাষাবিদ । ষ্ট্ৰিফেন ম'ৰে নামৰ ভাষাবিদগৰাকীয়ে সুদীৰ্ঘ ২৪ টা বছৰে অসমৰ টাই আহোম, চিংফৌ জনগোষ্ঠীয় ভাষাৰ ওপৰত গৱেষণা কৰি আহিছে ৷ বিশ্বৰ বিভিন্ন ক্ষুদ্ৰ সংকটাপন্ন ভাষাৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু সংৰক্ষণৰ বাবে ইংলেণ্ডত গঠন হোৱা এটি ন্যাসৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অসম -অৰুণাচললৈ আহিছিল গৱেষকজন ।
১৯৯৬ চনৰ পৰা বৰ্তমানলৈকে ২৪ টা বছৰত নিয়মিতভাৱে অসমলৈ আহি আছে ভাষাবিদগৰাকী ৷ ক্ৰমশঃ চিংফৌ সকলৰ অতি আপোন হৈ পৰে ষ্ট্ৰিফেন ম'ৰে ৷ ভাষাবিদগৰাকী মাহ মাহ জুৰি থাকে অসমতে ৷ চিংফৌ , টাই আহোম তথা টাংচা নাগা ভাষাৰ ওপৰত গৱেষণা কৰি অহা ভাষাবিদজনে ইতিমধ্যে কেইবাখনো অভিধান প্ৰস্তুত কৰিছে । অষ্ট্ৰেলিয়াৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ সহযোগত গঢ়ি তোলা আৰ্কাইভৰ জড়িয়তে সংৰক্ষণ কৰিছে চিংফৌকে ধৰি বিভিন্ন ক্ষুদ্ৰ জনগোষ্ঠীৰ সাধুকথা লোকগীত তথা বিভিন্ন তথ্যসমূহ । চিংফৌ ভাষা সলসলীয়াকৈ ক'ব পৰা ভাষাবিদজনে সম্প্রতি ভঙা ভঙাকৈ ক'ব জানে অসমীয়া ভাষাও ।
লগতে পঢ়কঃজিডিপিৰ হাৰ 6ৰ পৰা 6.5 শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনাঃ অৰ্থনৈতিক সমীক্ষা 2019-