তিনিচুকীয়া/ধেমাজি: ৭৭১ গৰাকী অসম পৰিবহন নিগমৰ কৰ্মচাৰীয়ে অবৈধভাৱে চাকৰি লোৱাৰ অভিযোগত বুধবাৰে এক জাননীযোগে অব্যাহতি দিয়ে চৰকাৰে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাচতেই এতিয়া কৰ্মচাৰীসকলৰ মাজত লাগিছে হাহাকাৰ ৷ অব্যাহতি দিয়া কৰ্মচাৰীসকলক পুনৰ চাকৰিত মকলৰ কৰাৰ দাবীত আজি জিলাই জিলাই সাব্যস্ত কৰিছে প্ৰতিবাদ (ASTC employee fired) ৷
এই ৭৭১ গৰাকী কৰ্মচাৰীৰ ভিতৰত আছে তিনিচুকীয়া জিলাৰ পৰিবহন নিগমৰ কাৰ্যালয়ৰ ৮৩ গৰাকী কৰ্মচাৰী ৷ বুধবাৰে তিনিচুকীয়াৰ এই কৰ্মচাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰীক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱাৰ সমান্তৰালভাৱে পুৱা ১০ বজাৰ পৰা কৰ্মবিৰতি পালন কৰে ৷ এই কৰ্মচাৰীসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি মুখ্যমন্ত্ৰীক বিষয়টো বিবেচনা কৰাৰ আহ্বান (ASTC employee protest in Tinsukia) ৷
কৰ্মবিৰতি পালন কৰা কৰ্মচাৰীসকলে কয় যে তেওঁলোকে লাভ কৰা চাকৰিৰ বিজ্ঞাপন যদি বাতৰি কাকতত প্ৰকাশ নাছিল, তেন্তে তেওঁলোকৰ ইয়াত কোনো ভুল নাই ৷ ভুল কৰিছে শীৰ্ষ বিষয়াসকলে ৷ শীৰ্ষ বিষয়াৰ ভুলৰ বাবে শাস্তি নিদিবৰ বাবেও আহ্বান জনায় তেওঁলোকে (ASTC recruitment scam) ৷
সমান্তৰালভাৱে ধেমাজি জিলাতো চাকৰিৰ পৰা অব্যাহতি দিয়া ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীসকলে পালন কৰে কৰ্ম বিৰতি ৷ ৰাজ্যিক পৰিবহন নিগমৰ অধীনত থকা ধেমাজি জিলা শাখাৰ ১১ গৰাকী কৰ্মচাৰীক নীতিবৰ্হিভূতভাৱে চাকৰি লোৱাৰ অভিযোগত দিয়া হৈছে অব্য়াহতি ৷ ইয়াৰ ভিতৰত আছে এগৰাকী কম্পিউটাৰ অপাৰেটৰ, দুগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, 5 জন সুৰক্ষা কৰ্মী, এগৰাকী মেকানিক আৰু চিলাপথাৰৰ অসম পৰিবহন নিগমৰ আস্থানৰ দুগৰাকী চিকিউৰিটি (ASTC employee protest in Dhemaji) ৷
এইসকলক কৰ্মচাৰীক হঠাৎ অব্যাহতি দিয়া কাৰ্যই স্বাভাৱিকতেই এতিয়া কৰ্মচাৰীসকলৰ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ উল্লেখ্য যে বুধবাৰে এক জাননীৰ জাৰি কৰি এই কৰ্মচাৰীসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে ৷ অসম পৰিবহন নিগমৰ পূৰ্বৰ অধ্যক্ষ আনন্দ প্ৰকাশ তিৱাৰীৰ আমোলত এই নিযুক্তি কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷
লগতে পঢ়ক: ASTC employee protest: নগাঁৱতো ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীৰ প্ৰতিবাদ