ETV Bharat / state

ৰাজস্থানত অসমৰ যুৱকক ৰহস্যজনক মৃত্যু - ৰাজস্থানত ৰহস্যজনকভাৱে মৃত্যু তিনিচুকীয়াৰ এজন যুৱকৰ

১২ মে'ৰ নিশা বন্ধু কেইজনমানৰ লগত নৈশ ভোজ কৰাৰ সময়ত অৰুণ ছেত্ৰী নামৰ এজন বন্ধুৰ সৈতে বাক-যুদ্ধত লিপ্ত হয় সুনীল দেবনাথ ৷ বহু সময় পিছত পৰিস্থিতি শান্ত হোৱাত শুবলৈ যায় সুনীল দেবনাথ ৷ পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় সুনীলৰ মৃতদেহ ৷

Assamese youth died in Rajasthan during lock down
ৰাজস্থানত অসমৰ যুৱকক ৰহস্যজনক মৃত্যু
author img

By

Published : May 14, 2020, 5:31 PM IST

তিনিচুকীয়া, 14 মে': ৰাজস্থানত ৰহস্যজনকভাৱে মৃত্যু তিনিচুকীয়াৰ এজন যুৱকৰ ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ধলা আৰক্ষী থানাৰ অন্তগৰ্ত ছৈখোৱা অঞ্চলৰ নঃবৰমুড়া ‌গাৱঁৰ নিৱাসী জয়চান্দ দেবনাথৰ পুত্ৰ সুনীল দেবনাথ (২৮) নামৰ যুৱকজন ৰাজস্থানৰ জাযৰ জিলাৰ এটা ব্যক্তিগত কোম্পানীত নিয়োজিত হৈ আছিল ।

১২ মে'ৰ নিশা কেইজনমান বন্ধুৰ লগত নৈশ ভোজ কৰাৰ সময়ত অৰুণ ছেত্ৰী নামৰ এজন বন্ধুৰ সৈতে বাক-যুদ্ধত লিপ্ত হয় সুনীল দেবনাথ ৷ বহু সময় পিছত পৰিস্থিতি শান্ত হোৱাত শুবলৈ যায় সুনীল দেবনাথ ৷ পৰৱৰ্তী সময়ত পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় সুনীলৰ মৃতদেহ ৷ উক্ত ঘটনাৰ বিষয়ে সুনীলৰ পৰিয়ালক ফোনযোগে অৱগত কৰাত শোকত ভাগি পৰে পৰিয়ালৰ লোকসকল ।

ৰাজস্থানত অসমৰ যুৱকক ৰহস্যজনক মৃত্যু

লগতে পঢ়ক : নিৰ্মলা সীতাৰমণ লাইভ : কি কি বিষয় অৱতাৰণা কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে !

আনহাতে, সমগ্ৰ ঘটনাটোক পৰিয়ালৰ লোকে এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰাৰ লগতে আইনী প্ৰক্ৰিয়াৰে প্ৰকৃত হত্যাকাৰীক শাস্তি দিয়াৰ দাবীৰে আৰক্ষীৰ কাষ চাপিছে । ইয়াৰোপৰি সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ জিলা সমিতিয়ে সুনীল দেবনাথ কৰ্মৰত কোম্পানীটোৰ কৰ্তৃপক্ষক অনুৰোধ কৰাত ৰাজস্থানৰ পৰা সুনীলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি এম্বুলেঞ্চযোগে তিনিচুকীয়াৰ নিজ ঘৰলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.