ETV Bharat / state

পুনৰ অৰুণাচলত সন্ধানহীন অসমৰ যুৱক

author img

By

Published : Dec 20, 2020, 1:54 PM IST

অৰুণাচললৈ কাম বিচাৰি যোৱা অসমৰ যুৱক সন্ধানহীন অৰুণাচলত ৷ অৰুণাচল প্ৰদেশৰ আলুবাৰীত এটা শিলৰ কাৰখানাত কৰ্মৰত বিকাশ লিম্বু নামৰ যুৱকজন বিগত ২৯ নৱেম্বৰৰ পৰা অৰুণাচলত সন্ধানহীন হৈ আছে ৷ ঘটনা সম্পৰ্কে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই অৰুণাচল প্ৰসাশনক কেইবাবাৰো অৱগত কৰোৱাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

Assam youth missing again in Arunachal Pradesh
পুনৰ অৰুণাচলত সন্ধানহীন অসমৰ যুৱক

ডুমডুমা, 20 ডিচেম্বৰ: অৰুণাচলত পুনৰ সন্ধানহীন অসমৰ যুৱক ৷ পেটৰ তাড়নাত অৰুণাচললৈ কাম বিচাৰি যোৱা অসমৰ এজন যুৱক সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ শদিয়া চুনপুৰা নৌপটীয়া নিবাসী কুবিৰ লিম্বুৰ ২৪ বছৰীয়া পুত্ৰ বিকাশ লিম্বু বিগত ২৯ নৱেম্বৰৰ পৰা অৰুণাচলত সন্ধানহীন হৈ আছে ৷ অৰুণাচল প্ৰদেশৰ আলুবাৰীত এটা শিলৰ কাৰখানাত কৰ্মৰত আছিল বিকাশ লিম্বু ৷ বিকাশ লিম্বুক প্ৰায়ে 15 ৰ পৰা 20 জনীয়া এটা দুৰ্বৃত্ত্বৰ দলে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিকাশৰ পৰিয়ালৰ লোকে ৷

পুনৰ অৰুণাচলত সন্ধানহীন অসমৰ যুৱক

ইফালে, বিকাশ লিম্বুৰ সন্ধানহীনৰ ঘটনা সম্পৰ্কে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা প্ৰসাশনৰ লগতে অৰুণাচল প্ৰসাশনৰ সৈতে কেইবাবাৰো বিষয়টোৰ সম্পৰ্কে অৱগত কৰোৱাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ শনিবাৰে গোৰ্খা ছাত্ৰ সন্থাৰ এটা দলে বিকাশ লিম্বুৰ বাসগৃহত উপস্থিত হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে ৷ সংগঠনটোৰ বিষয়ববীয়াসকলে শীঘ্ৰেই বিকাশ লিম্বুক উদ্ধাৰ কৰিবলৈ চৰকাৰ-প্ৰসাশনক দাবী জনোৱাৰ লগতে তিনিচুকীয়া জিলাৰে অৰুণাচলত প্ৰৱেশ কৰা পথসমূহ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: আইচিইউ কক্ষত সংঘটিত অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে 9 গৰাকী ক'ভিড-19 আক্ৰান্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.