তিনিচুকীয়া, 25 মে’: সোমবাৰে তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দিহিং পাটকাইত কয়লাৰ মুক্ত খনন আৰু তিনিচুকীয়াৰ সীমামূৰীয়া অৰুণাচলৰ দিবাং ভেলীত বৃহৎ নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংবাদমেলত সংগঠনটোৱে কয় যে, যিসময়ত সমগ্ৰ বিশ্বই কৰ’ণা মহামাৰীৰ বিৰুদ্ধে যুঁজি আছে, সেইসময়ত লকডাউনৰ সুযোগ লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লৈছে এটাৰ পিছত আনটো জনগণ আৰু পৰিৱেশ বিৰোধী সিদ্ধান্ত ।
চলিত বৰ্ষৰ 7 এপ্ৰিলৰ দিনা এনবিডব্লিউএল-য়ে দিহিং পাটকাই হস্তী অভয়াৰণ্যৰ চেলেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত 98 হেক্টৰ মাটিত কয়লাৰ মুক্ত খননৰ বাবে অনুজ্ঞা পত্ৰ প্ৰদান কৰে ৷ ইয়াৰ উপৰিও 12 মাৰ্চ তাৰিখে ল’ৱাৰ দিবাং ভেলীত এনএইচপিচিয়ে নিৰ্মাণ কৰিবলৈ লোৱা 3000 মেগাৱাট দিবাং জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবেও বন অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে । কেৱল সেয়াই নহয়, 23 এপ্ৰিল তাৰিখে ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত হোৱা আলোচনাত ফ’ৰেষ্ট এডভাইচৰী কমিটীয়ে একেখন দিবাং নদীৰ ওপৰৰ অংশত দেশৰ ভিতৰতে আটাইতকৈ বৃহৎ নদীবান্ধ 3097 মেগাৱাট ইটালীয়ান জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন অনুজ্ঞা পত্ৰ প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে ৷
পৃথিৱীৰ ভিতৰতে আটাইতকৈ চহকী ‘Bio-Diversity Hot spot’ হিচাপে চিহ্নিত হিমালয় জ’নৰ এটা বৃহৎ বনভূমিত ভাৰতৰ আটাইতকৈ বৃহৎ দুটাকৈ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় বন বিভাগে অনুমতি দিয়াত ক্ষুব্ধ হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷
কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ নবীন জিন্দাল নামৰ এগৰাকী পূঁজিপতিয়ে 25 কোটি টকা PM Cares ফান্দলৈ যোৱা 31 মাৰ্চত দিয়াৰ পিছতে মোডী চৰকাৰে 23 এপ্ৰিলত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে নবীন জিন্দালক অনুজ্ঞা প্ৰদান কৰিছে বুলি সংবাদমেলত মন্তব্য কৰিছে ছাত্ৰ মুক্তিয়ে ।
আনহাতে, দিবাং নদীত নিৰ্মাণ কৰিবলৈ লোৱা জলবিদ্যুৎ প্ৰকল্প দুটাৰ বাবে অসমত বাৰিষাৰ সময়ত বানপানীৰ সমস্যা অধিক হ’ব আৰু খৰালি ব্ৰক্ষ্মপুত্ৰৰ পানী শুকাই যাব বুলি মন্তব্য কৰি এটা বান্ধ ভাঙিলেও উজনি অসমৰ শদিয়া, তিনিচুকীয়া, ডিব্ৰু ছৈখোৱা, ডিব্ৰুগড়, ধেমাজি নিঃশেষ হৈ পৰিব বুলিও সংবাদমেলত মন্তব্য কৰে সংগঠনটোৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে ।
লগতে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ আৰু অসমৰ জনসাধাৰণৰ প্ৰতি ভাবুকি আনিব পৰা দিবাং নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধ কেইটাৰ কাম আৰম্ভ নকৰিবলৈ চৰকাৰক দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।