ETV Bharat / state

সাংসদ ৰামেশ্বৰ তেলীৰ সমষ্টিত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থা - kakopathar poor school

এজন শিক্ষকেৰে চলিছে কেবাখনো বিদ্যালয়

ধোঁৱাচাঙত পৰিণত কাকপথাৰ শিক্ষাখণ্ডৰ অধীনৰ বহু প্ৰাথমিক বিদ্যালয়
author img

By

Published : Mar 29, 2019, 12:45 PM IST

তিনিচুকীয়া, 29 মাৰ্চঃ "বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰী", -এই আপ্ত বাক্য শাৰী প্ৰযোজ্য হৈছে ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা খণ্ডত ৷ পৰিৱৰ্তনৰ শ্ল'গান দিয়া বিজেপি সাংসদ ৰামেশ্বৰ তেলীৰ সমষ্টিত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থা ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে শিক্ষকৰ সংখ্যা তেনেই নগণ্য ৷

ধোঁৱাচাঙত পৰিণত কাকপথাৰ শিক্ষাখণ্ডৰ অধীনৰ বহু প্ৰাথমিক বিদ্যালয়

এজন শিক্ষকেই চলাইছে বহুকেইখন প্ৰাথমিক বিদ্যালয় ৷ কাকপথাৰ শিক্ষা খণ্ডৰ অধীনত থকা নামহোলুং প্ৰাথমিক বিদ্যালয়খন ১৯৬০ চনত, ১৯৭৮ চনত স্থাপিত নামহুলোং ব্লক প্ৰাথমিক বিদ্যালয়, ১৯৫৬ চনত স্থাপিত তিনিআলি নগাঁওপ্ৰাথমিক বিদ্যালয়, ১৯৭৮ চনত স্থাপিত ২নং বেতনি প্ৰাথমিক বিদ্যালয়, ১৯৫৪ চনত স্থাপিত ডুমচি লিটং প্ৰাথমিক বিদ্যালয়ত চলিছে এজনীয়া শিক্ষকেৰে পাঠদান ৷

ভূতৰ ওপৰত দানহ পৰা দি ছাত্ৰ-ছাত্ৰীসকলক অন্ধকাৰত ৰাখি বিদ্যালয় বন্ধ ৰাখি শিক্ষকসকলক নিয়োগ কৰিছে নিৰ্বাচন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত ৷ অন্যহাতে বিদ্যালয়সমূহৰ আন্তঃগাঠনিও তথৈবচ ৷ একেটা শ্ৰেণীকোঠাতে চলিছে দুই-তিনিটাকৈ শ্ৰেণীৰ পাঠদান ৷ বৰ্তমান এইদৰে চলিছে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষা খণ্ড৷

FROM:- Prasanta Khatowal

Slug:-A_TSK_29MAR_801_POOR_SCHOOL_PRASANTA_KHATOWAL

Story: ৰাজ্যৰ শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপঃ 
ধোঁৱাচাংঙত পৰিণত কাকপথাৰ শিক্ষাখণ্ডৰ অধীনৰ বহুকেইখন প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা

OC/VO:-‘বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰী’, -এই অপবাক্য শাৰী প্ৰযোজ্য হৈছে  ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা খণ্ডত৷ পৰিবৰ্তনৰ শ্লগান দিয়া বি জেপি সাংসদ ৰামেশ্বৰ তেলীৰ সমষ্টিত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থা৷ অকমণ্য আৰু চোৰাং কয়লা ব্যৱসায়ত মগ্ন বিধায়ক ভাস্কৰ শৰ্মাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাত ছাত্র-ছাত্ৰীৰ পৰিৱৰ্তে শিক্ষকৰ সংখ‍্যা তেনেই নগণ্য৷ এজনীয়া শিক্ষকে চলাইছে বহুকেইখন প্ৰাথমিক বিদ্যালয়৷

কাকপথাৰ শিক্ষা খণ্ডৰ অধীনত থকা নামহোলুং প্ৰাথমিক বিদ্যালয় ১৯৬০ চনত, ১৯৭৮ চনত স্থাপিত নামহুলোং ব্লক প্ৰাথমিক বিদ্যালয়, ১৯৫৬ চনত স্থাপিত তিনিআলি নগাওঁ প্ৰাথমিক বিদ্যালয়, ১৯৭৮ চনত স্থাপিত ২ নং বেতনি প্ৰাথমিক বিদ্যালয়, ১৯৫৪ চনত স্থাপিত ডুমচি লিটং প্ৰাথমিক বিদ্যালয়ত চলিছে এজনীয়া শিক্ষকেৰে পাঠদান৷ তাতে আকৌ ভূতৰ ওপৰত দানব পৰা দি ছাত্র-ছাত্ৰীসকল অন্ধকাৰত ৰাখি, বিদ্যালয় বন্ধ কৰাই  শিক্ষকসকলক নিয়োগ কৰিছে নিৰ্বাচন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত৷অন্যহাতে বিদ্যালয় সমূহৰ আন্তগাঠনিও তথৈবচ৷ একেটা শ্ৰেণীকোঠাতে দুই-তিনিটাকৈ শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে৷ ইয়াৰে বহুকেইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উপযুক্ত খোৱাপানীৰ অভাৱ৷ এতিয়া এইদৰে চলিছে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষা খণ্ড৷স্থানীয় ৰাইজ তথা অভিভাৱকসকলে ক্ষোভত এইসকল ছাত্ৰ-ছাত্ৰীৰ যদি প্রাথমিক শিক্ষা লাভৰ অধিকাৰ নাই তেন্তে শিশুৰ শিক্ষা অধিকাৰ শ্লোগান দিয়া চৰকাৰে বন্ধ কৰক অন্যথা অতি শীঘ্ৰে শিক্ষক নিযুক্তি দিয়াৰ দাবী জনাই৷

 ইফালে মৌজাটোত সাংসদ ৰামেশ্বৰ তেলীয়ে এদিনো ভৰি দি নোপোৱা অঞ্চলটোত এতিয়া এইদৰেই পৰিবৰ্তন আহিছে বিদ্যালয় সমূহত 

Byte:- শিক্ষক-শিক্ষয়ত্ৰী, স্থানীয় ৰাইজ

#তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.