তিনিচুকীয়া , 14 জুনঃ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ৬ নং আছাম ৰাইফলছে আটক কৰিলে তিনি দুধৰ্ষ আলফা সদস্যক ৷ অৰুণাচলৰ নগ্লৰ পৰা দেওবাৰে আটক কৰা হয় আলফা সদস্য তিনিজনক ৷ আটকাধীন সদস্য কেইগৰাকী ক্ৰমে পেঙেৰী টকৌপথাৰৰ চাৰ্জেন্ট মেজৰ ৰাজেশ লাহন ওৰফে ৰাজ অসম, পেঙেৰীৰ চাৰ্জেন্ট দহোটীয়া ওৰফে বজ্ৰ অসম,ডুমডুমা বিষ্ণুপুৰৰ কৰ্পৰেল ৰাজু মৰাণ ওৰফে গম্বে অসম বুলি জানিব পৰা গৈছে ৷
আটকাধীন সদস্যকেইগৰাকীৰ পৰা সেনাই দুটা পিষ্টল ,তিনিটা মেগজিন , ৮ টা পিষ্টলৰ সজীৱ গুলীসহ বিষ্ফোৰক সামগ্ৰী জব্দ কৰিছে আছাম ৰাইফলছে ৷ ধৃত সদস্য কেইজনক ইতিমধ্যে আছাম ৰাইফলছে খুনছা আৰক্ষীক গতাই দিয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি , আলফাৰ ম্যানমাৰ শিৱিৰৰ পৰা পলায়ন কৰিছিল আলফা সদস্য কেইগৰাকীয়ে ৷
লগতে পঢ়কঃঋতুপৰ্ণ পেগুৰ হত্যাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ