ETV Bharat / state

সংগীত কৰ্মশালাৰ সামৰণি অনুষ্ঠান

তিনিচুকীয়া জিলাৰ কাকপথাৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সৌজন্যত আৰু কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুস্থিত কৰা জ্যোতি , বিষ্ণু আৰু ভুপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ সফল সামৰণি পৰে ৷ প্ৰায় ২০৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিৰ সামৰণি অনু্ষ্ঠানত সকলো প্ৰশিক্ষাৰ্থীকে প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷

author img

By

Published : Jul 28, 2019, 7:47 PM IST

সংগীত কৰ্মশালাৰ সামৰণি অনুষ্ঠান

তিনিচুকীয়া, ২৮ জুলাইঃ তিনিচুকীয়া কাকপথাৰ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত সাতদিনীয়াকৈ অনুষ্ঠিত হয় সংগীত কৰ্মশালা । এই সংগীত কৰ্মশালাত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

সংগীত কৰ্মশালাৰ সামৰণি অনুষ্ঠান

তিনিচুকীয়া জিলাৰ কাকপথাৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সৌজন্যত আৰু কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুস্থিত হোৱা জ্যোতি , বিষ্ণু আৰু ভুপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ সফল সামৰণি পৰে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মন্টু চেতিয়াই , কণ-কণ ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক আৰু সাংস্কৃতিক দিশত বিকাশৰ উদ্দেশ্যে এনেধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি মন্তব্য কৰে ৷ এই সামৰণি অনু্ষ্ঠানৰ লগত সংগতি ৰাখি অনুস্থিত কৰে এখন সামৰণি সভা । সংগীত কৰ্মশালাৰ প্ৰশিক্ষক চমনজিত মৰাণ, বিতোপন হাজৰিকা , চুৰেণ হাজৰিকা , বসন্ত দুৱৰা , কল্যান মৰাণ আৰু বসন্ত মৰাণক কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে সংগঠনটোৱে ৷ প্ৰায় ২০৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা খনিৰ সামৰণি অনু্ষ্ঠানত সকলো প্ৰশিক্ষাৰ্থীকে মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷ সামৰণি অনুষ্ঠানৰ সভাত উপস্থিত থাকে মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নৱ মৰাণ , মৰাণ জাতীয় মহিলা পৰিষদৰ সম্পাদিকা হেমা মৰাণকে ধৰি অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি ৷

Intro:কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ সপ্তাহজোৰা সংগীতৰ কৰ্মশালা সামৰণি

শদিয়া:: তিনিচুকীয়া জিলাৰ কাকপথাৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সৌজন্যত আৰু কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুস্থিত কৰা জ্যোতি , বিষ্ণু আৰু ভুপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ সফল আৰু সুন্দৰ ৰূপত সামৰণি পৰে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মন্টু চেতিয়াই জানিবলৈ দিয়ে যে হত্যা হিংসাৰে জৰ্জৰিত কাকপথাৰ অঞ্চলত আজিৰ সময়ত কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক আৰু সাংস্কৃতিক দিশত বিকাশৰ উদ্দেশ্যে এনেধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে ৷ লগতে অনাগত সময়তো এনে কাৰ্যসূচী অব্যাহত ৰখাৰ কথাও জানিবলৈ দিয়ে ছাত্ৰ নেতাজনে ৷ এই সামৰণি অনু্ষ্ঠানৰ লগত সংগতি ৰাখি অনুস্থিত কৰা সামৰণি সভাত কৰ্মশালাৰ প্ৰশিক্ষক ক্ৰমে চমনজিত মৰাণ, বিতোপন হাজৰীকা , চুৰেণ হাজৰীকা , বসন্ত দুৱৰা , কল্যান মৰাণ আৰু বসন্ত মৰাণক কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে সংগঠনটোৱে ৷ প্ৰায় ২০৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা খনিৰ সামৰণি অনু্ষ্ঠানত সকলো প্ৰশিক্ষাৰ্থীকে মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ সামৰণি অনুষ্ঠানৰ সভাত উপস্থিত থাকে মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নৱ মৰাণ , মৰাণ জাতীয় মহিলা পৰিষদৰ সম্পাদিকা হেমা মৰাণ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক মঞ্চৰ নেতা ভাৰ্ণৱ মৰাণ, শিল্পী ৰন্টু খাটোৱাল , যোগ্য ফুকন , মৃদুল দহোতীয়াকে ধৰি অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি ৷ মৰাণ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ এনে ধৰনৰ ব্যতিক্ৰমী কাৰ্যসুচীয়ে পিচপৰা অঞ্চলটোৰ সংগীতৰ দিশত কিছু হলেও অৰিহনা যোগাব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷Body:Byte : Montu Chetia, Leader..Moran student unionConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.