ETV Bharat / state

Bharat Jodo Yatra concludes: শদিয়াত অন্ত পৰিল অসম কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা - Bharat Jodo Yatra Ends

45দিনৰ অন্তত শদিয়াত সামৰণি পৰিল ভাৰত জোড়ো যাত্ৰা ৷ 1 নবেম্বৰৰ পৰা ধুবুৰীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰা ৷ এই যাত্ৰাৰ সামৰণি অনুষ্ঠানত শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল APCCৰ সভাপতি ভূপেন বৰা ৷

Bharat Jodo Yatra Ends
শদিয়াত অন্ত পৰিল অসম কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’
author img

By

Published : Dec 15, 2022, 9:54 PM IST

শদিয়াত অন্ত পৰিল অসম কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’

তিনিচুকীয়া, 15 ডিচেম্বৰ: অৱশেষত বৃহস্পতিবাৰে শদিয়াত অন্ত পৰিল 45 দিন অতিক্ৰমী কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা(Bharat Jodo Yatra concludes) ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ(Congress leader Rahul Gandhi) নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা অসমতো প্ৰদেশ কংগ্ৰেছে(APCC) আৰম্ভ কৰিছিল 1নবেম্বৰৰ পৰা ৷ ধুবুৰীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছিল এই ‘ভাৰত জোড়ো যাত্ৰা’ ৷

শদিয়াৰ চপাখোৱা খেলপথাৰত অনুষ্ঠিত হোৱা সামৰণি সভাত শদিয়াৰ লগতে জিলাখনৰ সহস্ৰাধিক ৰাইজে অংশ গ্ৰহণ কৰে ৷ সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা(APCC President Bhupen Bora), নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ(AICC leader Jitendra Singh) লগতে কেইবাগৰাকীও ৰাজ্যিক আৰু সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ নেতৃত্ব ৷

ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানটোত সহস্ৰাধিক ৰাইজক সম্বোধন কৰি কংগ্ৰেছ নেতৃত্ব সৰৱ হৈ পৰে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে(Congress slams BJP) ৷ লগতে এই সভাতে হাতে হাত ধৰি আগুৱাই যোৱাৰ সংকল্প গ্ৰহণ কৰে কংগ্ৰেছ নেতৃত্বই ৷

সামাজিক মাধ্যমত কবিতা লিখি কাৰাবাস খাটিব লগা হোৱা বৰ্ষাশ্ৰী বুঢ়া গোহাঁইৰ(Barshashree buragohain arrest) গ্ৰেপ্তাৰক লৈও সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ভূপেন বৰাৰ মন্তব্য-‘‘এটা কবিতাৰ কাৰণে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল, এটা সামাজিক মাধ্যমৰ লেখনিৰ কাৰণে মানুহক আটক কৰি জনতাৰ মনত ভয় সোমোৱাই দিছিল চৰকাৰে ৷’’ এই প্ৰসংগতে ভূপেন বৰাই কয় যে, ‘‘আমি ৰাজ্যৰ কিছু কিছু এলেকাত কৰা এই ভাৰত জোড়ো যাত্ৰাৰ জড়িয়তে অনাগত দিনত দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে একত্ৰিত হৈ মাত মাতিবৰ বাবে হতাশ আৰু নিৰাশা হৈ পৰা অসমৰ জনগণক নতুনকৈ এক শক্তি দিছোঁ ৷’’

ইফালে, ৰাজ্যত নতুনকৈ চৰকাৰে সমষ্টি নিৰ্ধাৰণ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছোঁ বুলিও মন্তব্য কৰে APCCৰ সভাপতি ভূপেন বৰাই ৷

লগতে পঢ়ক: Conflict between BJP and NPP: বিজেপিৰ পৰা নিজকে ৰক্ষাৰ চেষ্টা কনৰাড চাংমাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.