তিনিচুকীয়া, 13 মে’ : শুক্ৰবাৰে নিশা তিনিচুকীয়া বাৰেকুৰিৰ পুৰণি মটাপুং গাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত স্থানত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷ একেদৰে আজি ঘোষিত হ’বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে, তেওঁ নিজে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা স্থানসমূহত ঠিকেই আছে যদিও বাকী স্থানত কি ঘটিছে সেই সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি উল্লেখ কৰে ৷ উত্তৰ পূৰ্বাঞ্চলত হোৱা হ’লে ক’ব পাৰিলোঁ হয় বুলিও কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Assam CM on Karnataka election 2023) ৷
পুৰণি মটাপুংস্থিত অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণৰ বাসগৃহত নিশা প্ৰায় 10.50 বজাত উপস্থিত হৈ নিশাৰ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীক মৰাণ জনগোষ্ঠীৰ আৰু স্থানীয় কেইবাটাও দল-সংগঠনে সাক্ষাৎ কৰাৰ লগতে স্মাৰকপত্ৰ প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহত্তৰ বাৰেকুৰি অঞ্চলটোৰ প্ৰতিটো নামঘৰৰ মূৰব্বী ভকতসকলক একোখনকৈ মৰাণ গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মতবিনিময় কৰে (Assam CM Himanta biswa Sarma in Tinsukia) ।
তিনিচুকীয়াত 15,16 আৰু 17 মে’ত অনুষ্ঠিত হ’ব লগা জিলা উপায়ুক্তৰ সন্মিলন সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যত এক আমোল পৰিৱৰ্তন হ’বলৈ গৈ আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱাৰ সলনি নিজৰ সমষ্টিতে যাতে এগৰাকী লোকে উপায়ুক্ত কাৰ্যালয়ৰ সকলো কাম কৰিব পাৰে তাৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ নিশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তিনিচুকীয়াত উপস্থিত থাকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, তিনিচুকীয়া সমষ্টিৰ বিধায়ক শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ত্ৰিদিৱ মৰাণৰ লগতে দলটোৰ কেইবাগৰাকীও কৰ্ম-কৰ্তা (Minister Sanjoy kishan) ৷
লগতে পঢ়ক : Bihu programme in Charaideo : ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰাসংগিক বিজেপি দল: মন্ত্ৰী যোগেন মহন