ETV Bharat / state

বিভিন্ন দাবীক লৈ ৰাজ্যজুৰি প্ৰতিবাদ ৰাইজৰ, কাৰ কি দাবী ?

author img

By

Published : Nov 21, 2019, 11:23 PM IST

তিনিচুকীয়াত পথ নিৰ্মাণক লৈ চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে তিনিচুকীয়া গড়কাপ্তানী বিভাগৰ কাৰ্যলয়ত ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ লাহৰীঘাটত নতুন মথাউৰি নিৰ্মাণক লৈ ৰাইজৰ প্ৰতিবাদ ৷ চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰত তৃতীয় দিনাও অব্যাহত শ্ৰমিকৰ কৰ্ম বিৰতি প্ৰতিবাদ ৷ ৰঙিয়াত এপ'ল মিলৰ কৰ্মচাৰীৰ প্ৰতিবাদ ৷ সৰ্বভাৰতীয় কৃষক ক্ষেত মজদূৰৰ ধুবুৰী জিলা সমিতিৰ উত্তাল প্ৰতিবাদত কঁপিল ধুবুৰী চহৰ । হোজাই জিলা আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উপায়ুক্তৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ ৷ বাক্সাৰ গুৱাবাৰীত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তীব্ৰ প্ৰতিবাদ।

বিভিন্ন দাবীক লৈ ৰাজ্যজুৰি প্ৰতিবাদ ৰাইজৰ, কাৰ কি দাবী ?

তিনিচুকীয়া, 21 নৱেম্বৰ: তিনিচুকীয়াৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ ৷ তিনিচুকীয়াত পথ নিৰ্মাণক লৈ সংঘটিত হৈছে ব্যাপক অনিয়ম। তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অধিনত 52 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা জেঙনি সংযোগী গড়কাপ্তানী পথটোৰ পকীকৰণৰ বাবে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অনুমোদন জনাইছিল ৰাজ্যৰ গড়কাপ্তানী বিভাগে । অনুমোদন লাভ কৰাৰ পিছত ঠিকাদাৰে শদিয়াৰ বিধায়ক বলীন চেতীয়াৰ ছত্ৰ ছাঁয়াত অন্য এটা দিশে পথটো নিৰ্মাণ কাম আৰম্ভ কৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। বৃহস্পতিবাৰে জেঙনি যুৱক সংঘৰ নেতৃত্বত স্থানীয় ৰাইজে তিনিচুকীয়ালৈ আহি গড়কাপ্তানী বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

তিনিচুকীয়াৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ

মৰিগাঁও: লাহৰীঘাটত নতুন মথাউৰি নিৰ্মাণক লৈ ৰাইজৰ প্ৰতিবাদ ৷ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ মৰিগাঁও জিলা জলসম্পদ বিভাগৰ বিৰুদ্ধে । জিলাখনৰ লাহৰীঘাট অঞ্চলত প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা মথাউৰিটোত চৰম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। বৃহস্পতিবাৰে ক্ষোভিত ৰাইজে মথাউৰি নিৰ্মাণ কাৰ্য বন্ধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে । ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হোৱাতহে পৰিস্থিতি শান্ত হয় ।

মৰিগাঁৱৰ লাহৰীঘাটত নতুন মথাউৰি নিৰ্মাণক লৈ ৰাইজৰ প্ৰতিবাদ
লগতো চাওকঃভাৰতলৈ আমেৰিকাৰ শক্তিশালী MK-45(MOD 4) নৌ-টোপ

চিৰাং: চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰত তৃতীয় দিনাও অব্যাহত শ্ৰমিকৰ কৰ্ম বিৰতি প্ৰতিবাদ । নুমলীগড় শোধনাগাৰত কৰ্মৰত সঞ্জয় বসুমতাৰী নামৰ যুৱকজন যোৱা ১৭ নৱেম্বৰত দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি নি হত্যা কৰাৰ পাছত মৃতদেহ সোণাৰিত উদ্ধাৰ হৈছিল। শ্ৰমিকজনৰ হত্যাত জড়িত দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ লগতে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবীত তিনিদিন ধৰি অব্যাহত আছে শ্ৰমিকসকলৰ এই কৰ্মবিৰতি প্ৰতিবাদ ৷ শ্ৰমিকৰ প্ৰতিবাদ কাৰ্যসূচীত মৃত শ্ৰমিক সঞ্জয় বসুমতাৰীৰ পত্নী ডালিমী বসুমতাৰী,সাত বছৰীয়া কন্যা সন্তানসহ পৰিয়ালৰ লোকেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় ৷ ইপিনে শ্ৰমিকজনৰ হত্যাৰ তদন্ত,উপযুক্ত ক্ষতিপূৰণ,শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ মানৱ উন্নয়ন বিভাগৰ মুখ্য মহা প্ৰৱন্ধকলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে বঙাইগাঁও ৰিফাইনেৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিয়ে ৷

চিৰাং জিলাৰ বঙাইগাঁও শোধনাগাৰত শ্ৰমিকৰ কৰ্ম বিৰতি প্ৰতিবাদ
লগতো চাওকঃসোণোৱালৰ আহ্বান মৰ্মে NRLৰ ব্যক্তিগতকৰণ কৰা নহয়: ধৰ্মেন্দ্ৰ প্ৰধান

ৰঙিয়া : ৰঙিয়াত এপ'ল মিলৰ কৰ্মচাৰীৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে পুৱা এপ'ল মিলৰ সন্মুখত বাৰ ঘণ্টীয়া অনশনত বহিল এপল' মিলৰ কৰ্মচাৰী । এপ'লৰ কৰ্মচাৰীৰ এই আন্দোলনত সহযোগ আগবঢ়াইছে আছুৱে । যোৱা তিনি বছৰ ধৰি এপ'ল মিলৰ উৎপাদন বন্ধ হৈ আছে । যাৰবাবে দৰমহা নোপোৱাৰ ফলত মিলৰ প্ৰায় ৬০০ শ্ৰমিক-কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। মিলটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে শ্ৰমিক সকলে। যদি মিলটো চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি পুনৰুজ্জীৱিত নকৰে,তেন্তে আত্মজাহ দিবলৈ প্ৰস্তুত বহুকেইজন কৰ্মচাৰী ।

ৰঙিয়াত এপ'ল মিলৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ধুবুৰী: সৰ্বভাৰতীয় কৃষক ক্ষেত মজদূৰৰ ধুবুৰী জিলা সমিতিৰ উত্তাল প্ৰতিবাদত কঁপিল ধুবুৰী চহৰ । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ, কৃষকৰ উৎপাদিত শস্যৰ উচিত মূল্য নিৰ্ধাৰণ কৰাকে ধৰি ছয় দফীয়া দাবীত ধুবুৰী চহৰত বিশাল প্ৰতিবাদী সমদল উলিয়াই সাব্যস্ত কৰিলে প্ৰতিবাদ । চহৰখনৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে ।

ধুবুৰীত সৰ্ব ভাৰতীয় কৃষক ক্ষেত মজদূৰৰ ধুবুৰী জিলা সমিতিৰ উত্তাল প্ৰতিবাদ
লগতো চাওকঃ1951 ভিত্তিবৰ্ষ হ'লে বিদেশীৰে ভৰি পৰিব অসম

হোজাই: হোজাই জিলা আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উপায়ুক্তৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত চাহ জনজাতি ছাত্ৰ সন্থাৰ । তিনি মাহ ধৰি নিৰুদ্দেশ হোৱা হোজাই জিলাৰ ধনোহাৰ বস্তিৰ বিমল গড় নামৰ যুৱকজনক উদ্ধাৰ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ হোজাই জিলা আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে । যুৱকজনক উদ্ধাৰ কৰাৰ দাবীত আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰীয়ে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰ জড়িতে উক্ত বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী সংগঠনটোৰ ।
লগতো চাওকঃটিম আমিষৰ মুখেৰে শুনক ব্যতিক্ৰমধৰ্মী ছবি আমিষৰ বিষয়ে

বাক্সা: বাক্সাৰ গুৱাবাৰীত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তীব্ৰ প্ৰতিবাদ। কিছুদিন পুৰ্বে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই বাঙালী সকলক লৈ বিৰূপ মন্তব্যক কৰাক লৈ এই প্ৰতিবাদ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ । বৃহস্পতিবাৰে পুৱাই প্ৰতিবাদৰকাৰীসকলে তামুলপুৰ মহকুমাৰ গুৱাবাৰীত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ প্ৰতিমুৰ্তি দাহ কৰাৰ লগতে নীলমণি সেন ডেকা মুর্দাবাদ,পৰেশ বৰুৱা হায় হায়,বাঙালী সকলক লৈ বিৰূপ মন্তব্য বন্ধ কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। লগতে সংগঠনটোৰ কৰ্মীসকলে শেহতীয়াকৈ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই নীলমণি সেন ডেকাক সমৰ্থন জনোৱাত পৰেশ বৰুৱাক তীব্ৰ ভাষাৰে ধিক্কাৰ জনোৱাৰ লগতে কয় যে পৰেশ বৰুৱা জংঘলত থকা লোক। পৰেশ বৰুৱাই বাঙালী সকলৰ ইতিহাস নজনাকৈ কেতিয়াও এইধৰণৰ মন্তব্য কৰিব নালাগে । অনাগত দিনত বঙালী সকলক লৈ এইধৰণৰ মন্তব্য কৰিলে বাঙালী সকলে কেতিয়াও বহি নাথাকে আৰু গণতান্ত্ৰিক ভাৱে তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ কৰ্মীসকলে ৷

বাক্সাৰ গুৱাবাৰীত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তীব্ৰ প্ৰতিবাদ

লগতো জানিবলৈ চাওকঃনীপকোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ

Intro:STORY:- তিনিচুকীয়াৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ

তিনিচুকীয়া,21 নৱেম্বৰ:- তিনিচুকীয়াত পথ নিৰ্মাণকলৈ সংঘটিত হৈছে ব্যাপক অনিয়ম।তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অধীনত 52 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা জেঙনি সংযোগী গড়কাপ্তানী পথটোৰ পকিকৰণ বাবে PMGSYৰ অধীনত অনুমোদন জনাইছিল ৰাজ্যৰ গড়কাপ্তানী বিভাগে। অনুমোদন লাভ কৰাৰ পিছত ঠিকাদাৰে শদিয়াৰ বিধায়ক বলীন চেতীয়াৰ ছত্রছাঁয়াত অন্য এটা দিশে পথটো নিৰ্মাণ কাম আৰম্ভ কৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। বৃহস্পতিবাৰে জেঙনি যুৱক সংঘৰ নেতৃত্বত স্থানীয় ৰাইজে তিনিচুকীয়ালৈ আহি গড়কাপ্তানী বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Body:Byet:- ৰঞ্জিত দহোটিয়া, যুৱক সংঘৰ উপদেষ্টা

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.