ETV Bharat / state

জীৱন যুঁজত হাৰ মানিলে শিল্পী ঋষভ দত্তই

author img

By

Published : Jul 9, 2020, 12:42 PM IST

অকালতে হেৰাই গ’ল এক প্ৰতিভাৱান কণ্ঠৰ অধিকাৰী ৷ নিয়তিৰ ওচৰত অৱশেষত হাৰ মানিলে তিনিচুকীয়াৰ ঋষভ দত্ত নামৰ কিশোৰ শিল্পীগৰাকীয়ে ৷

Artist Rishav Dutta is no more
শিল্পী ঋষভ দত্তৰ দেহাৱসান

শদিয়া,9 জুলাই: দীৰ্ঘদিনীয়া চিকিৎসা গ্ৰহণৰ পিছত অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মেধাৱী ছাত্ৰ ঋষভ দত্তই ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ ১নং কাকপথাৰৰ হেমন্ত দত্ত আৰু জুৰি নাথ দত্তৰ একমাত্ৰ সন্তান ঋষভ দত্তই দীৰ্ঘদিনে আক্ৰান্ত হৈ আছিল Aplastic Anemia নামৰ এক দুৰাৰোগ্য ৰোগত ৷ বিগত সাত মাহে চিকিৎসা গ্ৰহণ কৰা কিশোৰগৰাকীয়ে অৱশেষত বুধবাৰে নিশা মৃত্যুক আঁকোৱালি লয় ৷ উল্লেখ্য যে,বিগত বৰ্ষৰ অক্টোবৰৰ পৰা বাংগালুৰুস্থিত নাৰায়ণা হৃদয়ালয়া চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা কিশোৰগৰাকীৰ ৰোগৰ বিষয়ে পূৰ্বে ৰাজ্যৰ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল ৷ ঋষভৰ ব্যয়বহুল চিকিৎসাৰ বাবে হোৱা ধনৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্নজনে আগবঢ়াইছিল আৰ্থিক সাহায্য ৷ তদুপৰি বিভিন্নজনে নামঘৰ,মন্দিৰ আদিত চাকি জ্বলাই আশু আৰোগ্য কামনা কৰিছিল ঋষভৰ ৷

অকালতে হেৰাই গ’ল এক প্ৰতিভাৱান কণ্ঠৰ অধিকাৰী

তদুপৰি,স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ জৰিয়তে চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়াইছিল ঋষভক ৷ কিন্তু ক্ৰমাৎ ঋষভৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটি বুধবাৰে নিশা চিকিৎসালয়তে জীৱন যুঁজত হাৰ মানিবলৈ বাধ্য হয় কিশোৰ শিল্পীগৰাকীয়ে ৷

লগতে চাওকঃ জম্মু-কাশ্মীৰত 6 খন সেঁতুৰ উদঘাটন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.