ETV Bharat / state

Tinsukia News: বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ; তিনিচুকীয়া জিলা আয়ুক্তক কংগ্ৰেছৰ স্মাৰক পত্ৰ - APCC

তিনিচুকীয়াৰ এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে আছে যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে ৷ প্ৰায় 9 মাহ পূৰ্বেই সংঘটিত হৈছিল এই ঘটনা ৷ এই সন্দৰ্ভত পুনৰ সৰৱ হৈছে অসম প্ৰদেশ কংগ্ৰেছ ৷

Tinsukia News
Tinsukia News
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:07 PM IST

তিনিচুকীয়া জিলা আয়ুক্তক কংগ্ৰেছৰ স্মাৰক পত্ৰ

তিনিচুকীয়া, 1 ছেপ্টেম্বৰ: আজিৰ পৰা প্ৰায় 9 মাহৰ পূৰ্বে বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী যুৱতীক সমুদ্ৰ ৰয় নামৰ মণ্ডল পৰ্যায়ৰ এগৰাকী বিজেপি নেতাই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে বৰডুবি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাচতো আৰক্ষীয়ে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিভিন্ন সংগঠনে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও পলাতক হৈ থাকিল বিজেপি নেতা সমুদ্ৰ ৰয় ৷ ইয়াকে লৈ শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ হৈ তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত দলটোৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত মুখপত্ৰ মৌচম বৰুৱা, জিলা সভাপতি প্ৰণৱ বৰুৱাসহ এটা সঁজাতী দল উপস্থিত হৈ অতি শীঘ্ৰেই সমুদ্ৰ ৰয়ক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ জিলা আয়ুক্ত স্বপ্নীল পালক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

ইয়াৰ পাছতো যদি দোষীক উচিত শাস্তি প্ৰদান নকৰে তেন্তে অনাগত দিনত অন্য পদক্ষেপ লোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ উল্লেখ্য যে এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল যদিও শাসকীয় দলৰ নেতা হোৱাৰ বাবেই আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে ৷

ইফালে, শিলসাঁকোত বিজেপিৰ চাকৰি কেলেংকাৰীৰ পৰা ফালৰি কাটিবলৈ চৰকাৰে উচ্ছেদ চলাইছে বুলি উল্লেখ কৰি বাই-ভনীসকলক অৰ্ধ উলংগ হ’বলৈ বাধ্য কৰিছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আজমলৰ হোটেলো উচ্ছেদ হ’ব, কিন্তু সেয়া উচ্ছেদ হ’লনে বুলি প্ৰশ্ন উত্থাপন কৰে ৰাণা গোস্বামীয়ে ৷

লগতে পঢ়ক: Silsako Eviction: প্ৰতিবাদ কৰক, কিন্তু কাপোৰ খুলি নহয়; ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.