তিনিচুকীয়া, 25 ছেপ্টেম্বৰ : বৰ্তমান তিনিচুকীয়া জিলা খনৰ পাঁচটা সমষ্টিৰ ভিতৰত এটাও সমষ্টি কংগ্ৰেছৰ দখলত নাই । 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ হাতত সম্পূৰ্ণৰূপে পৰাস্ত হয় কংগ্ৰেছ । যিটো সময়ত কংগ্ৰেছে সদস্য বৃদ্ধিৰ বাবে অহৰহ চেষ্টা কৰি আছে, তেনে সময়তে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ একাংশ বিধায়ক আৰু কৰ্মীয়ে বিজেপিত যোগদান কৰিছে ।
এনে ধুমুহাৰ মাজতে সাংগঠনিক মন্ত্ৰণা লৈ শনিবাৰে তিনিচুকীয়া গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰত প্ৰথমবাৰৰ বাবে উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা । উপস্থিত হৈ এখন কৰ্মীসভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । উক্ত কৰ্মী সভাত ৰাজ্যিক সভাপতি গৰাকীৰ লগতে উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, তিনিচুকীয়া কংগ্ৰেছ কমিটিৰ সভাপতি জীৱন কুৰ্মী, চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, কংগ্ৰেছী নেতা নিতু বৰুৱাকে আদি কৰি প্ৰায় এক শতাধিক নেতা-কৰ্মী ৷
লগতে পঢ়ক: দাস, কলিতা, বৰুৱা হ'লে ভূপেন বৰাৰ চোলা চিঙি দেখুওৱাৰ দম নাই : পীযুষ হাজৰিকা
সভাৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, কংগ্ৰছৰ তিনিচুকীয়া জিলা কমিটীৰ সকলো বিষয়াববীয়া লগতে কৰ্মীসকলৰ সৈতে দলীৰ সাংগঠনিক দিশটোক লৈ আলোচনা কৰা হৈছে ৷ তিনিচুকীয়া জিলা কমিটীৰ কংগ্ৰেছ কৰ্মী সকলৰ দলীয় সিদ্ধান্তক লৈ বহুতো ক্ষোভ আছে ৷ সাংগঠনিক দিশৰ ক্ষেত্ৰত যিসমূহ সমস্যা আছে সেইসমূহ সমাধান কৰি দলটোক অধিক শক্তিশালী কৰা হ'ব বুলি কয় ভূপেন বৰাই ৷
গৰুখুটিৰ উচ্ছেদ অভিযানক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয়, উচ্ছেদৰ জৰিয়তে মাটিখিনি চৰকাৰে নিজৰ কৰি ল'ব বিচৰা বিষয়টোত ক'বলগীয়া একো নাই ৷ কিন্তু উচ্ছেদৰ নামত মানুহৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰি অমানৱীয় অত্যাচাৰ কৰাতো কেতিয়া গ্ৰহণযোগ্য নহয় ৷ ইয়াৰ তদন্তৰ প্ৰয়োজন আছে বুলি কয় কংগ্ৰেছ নেতা গৰাকীয়ে ৷
লগতে পঢ়ক: কংগ্ৰেছৰ লগত খিলঞ্জীয়া নাই: সাংসদ দিলীপ শইকীয়া
ইফালে, পীযুষ হাজৰিকাক কটাক্ষ কৰি ভূপেন বৰাই কয়, মোৰ বিৰুদ্ধে পীযুষ হাজৰিকাই উপাধি চাই চোলা ফলা বুলি যি মন্তব্য প্ৰকাশ কৰিছে সেয়া সঁচা কথা ৷ উপাধি চাইয়ে চোলা ফালিছো ৷ দিছপুৰত বহি যিগৰাকীয়ে গুলীওৱাৰ নিৰ্দেশ দিছে আৰু গৰুখুটিত গৈ যি গৰাকীয়ে সেই নিৰ্দেশ পালন কৰিছে দুয়োগৰাকীৰ উপাধি একেই ৷
"সেই দুগৰাকীৰ মাজৰ এগৰাকী হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আন গৰাকী হৈছে দৰং জিলাৰ আৰক্ষীৰ অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ৷ গতিকে এই দুগৰাকী শৰ্মা অপাধিৰ লোকৰ বিৰুদ্ধে চোলা ফালিছো ৷" সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
লগতে পঢ়ক: গৰুখুটি উচ্ছেদক সাম্প্ৰদায়িক ৰূপ দিবলৈ বিচৰা হৈছে: মুখ্যমন্ত্ৰী