ডুমডুমা, 29 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ লগতে গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈৰ লগতে অন্যান্য কাৰাৰুদ্ধ নেতা সকলৰ মুক্তিৰ দাবীত দেওবাৰে ডুমডুমাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফিল'বাৰী, ডুমডুমা, কৰ্দৈগুৰি, ডাঙৰী আঞ্চলিক সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
প্ৰতিবাদকাৰী সকলে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি কাৰাবন্দী সকলৰ মুক্তিৰ লগতে CAA বাতিলৰ দাবী জনাই ৷
ইপিনে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ সমান্তৰালকৈ CAA বাতিলৰ দাবীত ডুমডুমাৰ ৰূপাইত ৰং-তুলিকা, গীত-কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলেও বিভিন্ন চিত্ৰাংকণৰ জৰিয়তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক - CAA বাতিলৰ বিক্ষোভত উথলিত ৰাজ্য