ETV Bharat / state

অনাঘ্ৰাত আনিনিৰ অপৰূপ সৌন্দৰ্য

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 5:26 PM IST

Anini beautiful tourist place : জৈৱ বৈচিত্ৰতা আৰু অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চলৰ আনিনি ৷ আনিনিৰ নৈসৰ্গিক দৃশ্যই মোহিত কৰিছে বহুজনক ৷ আমিও এভুমুকি মাৰো আহক প্ৰকৃতিৰ এই বিনন্দীয়া সৃষ্টিত...

Anini beautiful tourist place
আনিনিলৈ এভুমুকি
প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টি আনিনি

তিনিচুকীয়া, ৯ জানুৱাৰী : মৃদু বতাহ... ৷ মাজে মাজে পাহাৰৰ ফাঁকে ফাঁকে নিগৰি অহা কিছু অবুজ ধ্বনি ৷ তাৰ মাজে মাজে ভাহি আহিছে সু-উচ্চ ঝৰণাৰ পৰা বাগৰি অহা জলৰাশিৰ কলকলনি ৷ শীতল মৃদু বতাহৰ আমেজ লৈ লক্ষ্যস্থানলৈ বুলি লাহে লাহে গতি কৰি কৰিছে ইটিভি ভাৰত, অসমৰ সাংবাদিকৰ গাড়ীখন ৷ এটা সময়ত হঠাৎ ৰৈ গ’ল গাড়ীৰ চকা ৷ সমুখত সু-উচ্চ পাহাৰ ৷ পাহাৰত বৰষিছে কোমল বৰফৰ ফাকু ৷ এক অপূৰ্ব নৈসৰ্গিক দৃশ্য ৷

এয়াই আনিনি ৷ অজান্তিমুলুক আনিনি ৷ যাৰ অপূৰ্ব সৌন্দৰ্যত মোহিত হ'ব আপুনিও ৷ জৈৱ বৈচিত্ৰতা আৰু অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন বিশেষ ঠাই ৷ অৰুণাচল প্ৰদেশৰ আপাৰ দিবাং ভেলীত আছে চালে চকুৰোৱা এই মনোমোহা ঠাইখন ।

আপাৰ দিবাং ভেলী জিলাখনেই হৈছে ভাৰতৰ একেবাৰে কম জনসংখ্যাৰে গঠিত একমাত্ৰ জিলা ৷ য'ত জনসংখ্যা শেহতীয়া পিয়ল অনুসৰি সৰ্বমুঠ প্ৰায় ৮ হাজাৰ ৪ জন । উত্তৰ পূৰ্বাঞ্চলৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটীৰ পৰা আনিনিলৈ দূৰত্ব প্ৰায় ৮০৭.৬ কিঃমিঃ আৰু অসমৰ একেবাৰে পূব প্ৰান্ত শদিয়াৰ পৰা দূৰত্ব মাত্ৰ ২৭৩ কিঃমিঃ ।

বৰ্তমান পৰ্যটকৰ অন্য এক চিনাকি নাম হৈছে অৰুণাচল প্ৰদেশৰ ৰয়িং ৷ সম্প্ৰতি ৰয়িং চহৰত পৰ্যটকৰ সুবিধাৰ বাবে গঢ়ি উঠিছে বিভিন্ন হোটেল , ৰিজ'ৰ্টৰ লগতে বিভিন্ন আমোদ-প্ৰমোদৰ ঠাই ৷ আৰু ইচ্ছা কৰিলে পৰ্যটকে ৰয়িঙত এটা দিনৰ বাবে জিৰণি লৈ ইয়াৰ আশে-পাশে থকা ইজি নদী, চেলে লেক, চেকেণ্ড ব্ৰিজ ইত্যাদি পৰ্যটনস্থলীও উপভোগ কৰিব পাৰে ।

ডিচেম্বৰ আৰু জানুৱাৰী মাহত পৰ্যটকে আনিনি যাত্ৰা পথত 'মায়'ডিয়া পাছ'ৰ বৰফৰ আমেজো ল’ব পাৰে । কিয়নো এই সময়ছোৱাত এই সমগ্ৰ অঞ্চলটো হৈ পৰে শুকুলা বৰফেৰে আবৃত ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ২৬৫৫ মিটাৰ উচ্চতাত অৱস্থিত এই অঞ্চলটোৱেই হৈছে অসমৰ পৰ্যটকসকলে একেবাৰে ওচৰতে বৰফৰ আমেজ গ্ৰহণ কৰিব পৰা একমাত্ৰ ঠাই ৷ কিয়নো এই অঞ্চলটো অসমৰ একেবাৰে শেষ প্ৰান্তৰ শদিয়াৰ পৰা মাত্ৰ প্ৰায় ৫০ কিলোমিটাৰ নিলগত অৱস্থিত ।

কেৱল প্ৰাকৃতিক সৌন্দৰ্যই নহয় ৷ সমগ্ৰ আনিনি অঞ্চলটো বিখ্যাত কমলা আৰু কিৱিৰ বাবেও ৷ অত্যন্ত ঠাণ্ডা এই অঞ্চলটোত বিভিন্ন পাহাৰীয়া ফলমূলৰ লগতে কিৱি ফল সৰ্বাধিক উৎপাদন হয় । দিবাং নদীৰ পাৰে পাৰে নান্দনিক উপত্যকাৰ এই অঞ্চলটোত আছে হিমালয়ৰ পৰা নামি অহা অন্য দুখন নদী ড্ৰি আৰু মথুন ।

বিশেষকৈ প্ৰকৃতিপ্ৰেমী গৱেষকসকলৰ বাবে ভূ-স্বৰ্গ এই আনিনি ৷ কিয়নো আনিনিখন বহু ক্ষেত্ৰত এতিয়াও অন্বেষন কৰা হোৱা নাই । ক’বলৈ গ’লে সমগ্ৰ আনিনিখনেই এক চাবলগীয়া পৰ্যটন ঠাই আৰু ইয়াৰে ভিতৰত বৰ্তমান সময়ত পৰ্যটকৰ বাবে উপভোগ কৰিবলগীয়া কেইটামান উল্লেখযোগ্য স্থান হৈছে চেভেন লেক, মথুন ভেলি, দিৰি ভেলি, আঠুপপু ইত্যাদি ।

বিগত দুটা বছৰত আনিনিয়ে উন্নয়নৰ জখলাৰে বহুখিনি বগাবলৈ সক্ষম হৈছে ৷ ক্ৰমাৎ দেশী-বিদেশী পৰ্যটকেও জানিবলৈ আৰম্ভ কৰিছে আনিনিৰ কথা ৷ ফলত উৰ্ধমূখী হৈছে স্থানীয় অৰ্থনীতিও ৷ স্থানীয় লোকসকলে আৰম্ভ কৰিছে হোম ষ্টেৰ ব্যৱসায় ৷

এয়াই আনিনি ৷ অনাঘ্ৰাত আনিনি ৷ অনাগত সময়ত আনিনিয়ে পৰ্যটন ক্ষেত্ৰত নিশ্চয় এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰাৰ অৱকাশ আছে ।

লগতে পঢ়ক : ধেমাজিত শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.