তিনিচুকীয়া, 23 মে’: বিগত 24 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে তিনিচুকীয়াৰ এজন যুৱক (Tinsukia youth missing)৷ বিশ্বজিৎ গায়ন নামৰ উদীয়মান সুৰকাৰজন দীৰ্ঘদিনে সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি উদ্বিগ্নতাৰ সৃষ্টি কৰিছে ৷ যুৱকজনে আলফা(স্বা)ত যোগদান কৰাৰো সন্দেহ কৰিছে একাংশ লোকে ৷
ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত শীতলপুৰৰ প্ৰয়াত ভোগেশ্বৰ গায়নৰ কনিষ্ঠ পুত্ৰ বিশ্বজিৎ গায়নে অসমীয়া সংগীত জগতত সুৰকাৰ হিচাপে কাম কৰি আহিছে ৷ ইতিমধ্যে বহুকেইটা জনপ্ৰিয় গীতৰ ৰচনা আৰু সুৰ কৰিছে বিশ্বজিৎ গায়নে । ২৪ এপ্ৰিলত তিনিচুকীয়ালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যোৱা বিশ্বজিৎ আজিকোপতি ঘৰলৈ ঘূৰি নহাত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ঘৰখনত (Assamese music artist missing) ।
বিশ্বজিৎ গায়নৰ সন্ধানহীনতাৰ সম্পৰ্কে পৰিয়ালৰ লোকে ইতিমধ্যে ফিল'বাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে, বিশ্বজিৎ গায়নে আলফা(স্বা)ত যোগদান কৰা বুলি পৰিয়ালৰ লগতে বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছে (Joins in ULFA I)৷ যদিহে এই সন্দেহ সত্য হয় তেন্তে বিশ্বজিতক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ।
যদিহে আন কাৰণত বিশ্বজিৎ সন্ধানহীন হৈ আছে তেন্তে কোনো সদাশয় লোকে বিশ্বজিতৰ সন্ধান পালে মোবাইল নম্বৰ 9859346041 ত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷
লগতে পঢ়ক: Ulfa I recruitment drive busted: আলফাত যোগদান কৰিবলৈ গৈ আটক 7 জন