ETV Bharat / state

পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ - মৰাণ

নিৰ্মাণৰ এটা দিনৰ পাছতে এৰিলে পথৰ ওপৰৰ ব্লেক টেপিং ৷ ডিব্ৰুগড় জিলাৰ মৰাণত পথ নিৰ্মাণত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷

allegetion of Corruption in Road making in moran dibrugarh assam etv bharat news
পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Nov 18, 2020, 2:19 PM IST

মৰাণ,18 নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ মৰাণত উন্নয়নৰ নামত চলিছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতি নিৰ্মূলকৰণৰ কথা বাৰম্বাৰ ঘোষণা কৰিলেও খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাতে লুণ্ঠন চলাৰ অভিযোগ উত্থাপিত হৈছে ৷ জিলাখনৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাঙৰ ঐতিহাসিক মৰিয়া আলি দীৰ্ঘদিনে মেৰামতিৰ অভাৱত পৰি থকাত জীয়াতু ভূগিবলগা হৈছে পথচাৰীয়ে ৷ স্থানীয় ৰাইজৰ প্ৰতিবাদ আৰু আবেদন-নিবেদনৰ পিছত গড়কাপ্তানী বিভাগে পথতো মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰিবলৈ আৱণ্টন দিয়ে পুঁজি ৷

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল মনোৰঞ্জন কোঁৱৰ নামৰ ঠিকাদাৰগৰাকীয়ে ৷ ঠিকাদাৰগৰাকীয়ে প্ৰায় ৩ কিল’মিটাৰ পথ নিৰ্মাণৰ বাবদ লাভ কৰিছিল ৮০ লাখ টকা ৷ কিন্তু, উক্ত পথছোৱাত মেৰামতিৰ নামত ব্লেক টেপিং দিয়ে কাম সামৰে ঠিকাদাৰ গৰাকীয়ে ৷ ফলত মেৰামতিৰ এটা দিনৰ পিছতে এৰি যায় এই ব্লেক টেপিং ৷ ঠিকাদাৰৰ এনে নিম্ন মানদণ্ডৰ কামৰ পাছতে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ ৰাইজৰ উগ্ৰ মূৰ্তি দেখি ঠিকাদাৰ কোঁৱৰে পথটো পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে যদিও ঠিকাদাৰৰ কথাত আশ্বস্ত হ’ব পৰা নাই ৰাইজ ৷ ৰাইজে বিষয় সন্দৰ্ভত গড়কাপ্তানী বিভাগৰ অভিযন্তাক অভিযোগ দিয়ে যদিও বিষয়াগৰাকীয়ে ঠিকাদাৰৰ পক্ষ লোৱাৰহে অভিযোগ উত্থাপন হৈছে ৷ মুঠৰ ওপৰত মুখ্যমন্ত্ৰীৰ গৃহ জিলা মৰাণত উন্নয়নৰ নামত এতিয়া চৰকাৰী আঁচনিৰ ধনেৰে নিম্ন মানদণ্ডৰ কাম কৰিয়েই ধন লুন্ঠনৰ কৰাৰ চেষ্টা চলাইছে একাংশ ঠিকাদাৰ আৰু দলীয় নেতা-পালিনেতাই ৷

লগতে চাওকঃ আছুৰ 17 সংখ্যক দুলীয়াজান অধিৱেশন আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.