ETV Bharat / state

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চোতালত মৌজাদাৰে বুটলিছে ঘোচৰ টকা !

author img

By

Published : Dec 4, 2021, 7:58 AM IST

ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মুক্তভাৱে ধনৰ লেনদেন চলাৰ অভিযোগ (Corruption in Dumduma circle office) । মৌজাদাৰ প্ৰীতি ৰাজখোৱাই খাজনা লোৱাৰ নামত ঘোচৰ বেহা পতাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে (Mouzadar taking bribes)।

Corruption in Dumduma circle office
ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

শদিয়া, 4 ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ দুৰ্নীতি মুক্ত অসমৰ সপোনত (Corruption free Assam) এতিয়া হেঙাৰ হৈছে একাংশ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় । ৰাজ্যৰ বহু ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ তেনে এক অভিযোগ উঠিছে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিৰুদ্ধে (Corruption in Dumduma circle office) ৷ কাৰ্যালয়টোৰ চৌহদতে এতিয়া নিতৌ মুক্তভাৱে ধনৰ লেনদেন চলাৰ অভিযোগ (allegation of taking bribes)।

ৰাইজে অভিযোগ কৰা মতে, এই সকলোবোৰ কথা জ্ঞাত হৈও চকু মুদা কুলিৰ ভাও ধৰি থাকে ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে তিনিচুকীয়া জিলাৰ উপায়ুক্তগৰাকীয়ে । যাৰবাবে সাধাৰণ জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কিয়নো ম্যাদীকৰণৰ কাম, মাটিৰ ৰাজহ পৰিশোধ আদি প্ৰতিটো কামতে দিব লাগে অতিৰিক্ত ধন অৰ্থাৎ ঘোচ ।

তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত মৌজাদাৰ প্ৰীতি ৰাজখোৱাই খাজনা লোৱাৰ নামত ঘোচৰ বেহা পতাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । এফালে অসমৰ মুখ্য মন্ত্ৰীয়ে বিনা পইছাত মানুহৰ ঘৰে ঘৰে ম্যাদী পট্টা দিয়াৰ কাম কৰিছে ৷ আনফালে, তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জিলা উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়াৰ জ্ঞাত সাৰেই চলিছে দালাল ৰাজ ।

যিসময়ত অসমৰ প্ৰতিটো ৰাজহ চক্ৰৰ কাৰ্যালয়ত মাতিৰ দালাল গ্ৰেপ্তাৰ কৰি চৰকাৰ তথা প্ৰশাসনে জেললৈ প্ৰেৰণ কৰিছে, সেই সময়ত খোদ মৌজাদাৰেই ঘোচ নিদিলে নলয় মাত্ৰ খাজনা । ৫৬০ টকা ৰচিদৰ বিপৰীতে তিনিহেজাৰ টকা, ১২৬৫ টকাৰ ৰচিদ দি ২২০০ টকা সংগ্ৰহ কৰাৰ তথ্য পৰিছে সংবাদ মাধ্যমৰ হাতত । কাকপথাৰ চেঙেলী গাঁৱৰ গোপাল শইকীয়া নামৰ যুৱকজনৰ পৰা মাটিৰ খাজনাৰ নামত ৮ হাজাৰ টকা ঘোচ লয় বুলি যুৱকজনে জানিবলৈ দিছে ৷ ১৮২০টকা খাজনা ৰচিদত টকা লিখি কিয় মৌজাদাৰ গৰাকীয়ে ৮ হাজাৰ টকা যুৱকজনৰ পৰা সংগ্ৰহ কৰিলে সেইয়া ডাঙৰ প্ৰশ্ন ৷

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চোতালত মৌজাদাৰে বুটলিছে ঘোচৰ টকা

সমন্তৰালভাৱে ডিৰাক অঞ্চলৰ মনোৰঞ্জন নেওগ নামৰ ব্যক্তি জনৰ পৰা ১২৬৫ টকাৰ খাজনা ৰচিদ দি সংগ্ৰহ কৰিলে ২২০০টকা ৷ ইতিমধ্যে মনোৰঞ্জন নেওগে ডুমডুমা ৰাজহ চক্ৰ বিষয়া, জিলা উপায়ুক্তক উক্ত ঘোচখোৰ মৌজাদাৰ গৰাকীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে ৷ কিন্তু এই বিষয়ত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে ব্যক্তিজনে ৷

মৌজাদাৰ প্ৰীতি ৰাজখোৱাৰ পৰা এই সন্দৰ্ভত জানিব বিচৰাত তেখেতে অত্যাধিক ধন সংগ্ৰহ কৰা নাই বুলি জানিবলৈ দিছে যদিও, মৌজাদাৰ গৰাকীয়ে খাজনাৰ নামত টকা দৰদাম কৰা অডিঅ’ ভাইৰেল হোৱাত এতিয়া তেখেতৰ ভাষ্য যে মিছা সেয়া প্ৰমাণ হৈছে ৷ ৰাজ্যত মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি, অনিয়মত জড়িত থকা দালালক জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদতে বহি এইদৰে টকা সংগ্ৰহ কৰি থকা মৌজাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক : Jorhat Mob Lynching : তথ্য প্ৰদানৰ বাবে আৰক্ষীয়ে মুকলি কৰিলে ই-মেইল আৰু হোৱাটচ এপ নম্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.