তিনিচুকীয়া, 25 জুলাই : সোমবাৰে সমগ্ৰ তিনিচুকীয়া জিলাতে ২৪ ঘণ্টীয়া অইল বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাই । বাঘজানত আৰক্ষীয়ে শনিবাৰে প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে সৰব হৈ পৰিছে মৰাণ জনগোষ্ঠীয় ছয় সংগঠন । যাৰবাবে দেওবাৰে তিনিচুকীয়াৰ বদৌচা ভৱনত সংবাদমেল আয়োজন কৰি ২৬ জুলাইত ২৪ ঘণ্টীয়া অইল বন্ধ কাৰ্যসূচী ঘোষণা কৰে সংগঠনকেইটাই । ইয়াৰ লগতে এই ঘটনাৰ সন্দৰ্ভত মানৱ অধিকাৰ ওচৰত সংগঠনকেইটাই গোচৰ তৰাৰ হুংকাৰ দিয়ে সংগঠনকেইটাই ।
উল্লেখ্য যে, ২০২০ বৰ্ষত বাঘজানৰ BGR ৫ নং তৈলখাদত সংঘটিত অগ্নিকাণ্ডৰ এবছৰ সময় পাৰ হোৱাৰ পাছতো ক্ষতিগ্ৰস্তই আজি পৰ্যন্ত সম্পূৰ্ণ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ’ল । অইল ইণ্ডিয়াৰ চূড়ান্ত গাফিলতিৰ বাবে সংঘটিত হোৱা এই অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোৰ জীৱ-জন্তু, পশু-পক্ষীৰ লগতে দাঁতি কাষৰীয়া ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মাগুৰি মটাপুং বিলৰ পাৰিপাৰ্শ্বিকতা একেবাৰে বিনষ্ট কৰি পেলালে । অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালে যি ক্ষতিপূৰণ পাব লাগিছিল সেয়া আজিলৈকে প্ৰদান কৰা নহ’ল ।
অতি আশ্বৰ্যজনক কথাটো হ'ল ক্ষতিপূৰণ মূল্যাঙ্কনৰ তালিকাখনেই আজিলৈকে তিনিচুকীয়া জিলা প্ৰশাসন তথা অইল ইণ্ডিয়াই প্ৰকাশ নকৰিলে । ইয়াৰ পৰা স্পষ্টকৈ ক’ব পাৰি যে, অইল ইণ্ডিয়াই জিলা প্ৰশাসনৰ সহযোগত সম্পূৰ্ণ দমনমূলক নীতিৰে ক্ষতিগ্ৰস্তসকলক দমন কৰি লাভালাভ আদায় কৰিব বিচাৰিছে । চলিত বৰ্ষৰ ২৪ জুনত অইল ইণ্ডিয়াই তিনিচুকীয়া জিলা প্ৰশাসনৰ জৰিয়তে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আন্দোলন কৰি থকা অৱস্থাত প্ৰশাসনৰ ৰবৰ বুলেট নিক্ষেপ, লাঠি চাৰ্জ কৰা ঘটনাতো সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৷
এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দেওবাৰে তিনিচুকীয়াৰ বদৌচা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে এখন সংবাদমেল সম্বোধন কৰি ২৬ জুলাইত সমগ্ৰ তিনিচুকীয়া জিলাতে ২৪ ঘণ্টীয়া অইল বন্ধ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে ।
লগতে পঢ়ক : তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে অমিত শ্বাহে