ETV Bharat / state

তিনিচুকীয়াত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ - All Assam Small Tea Farmers Association

ক'ভিডৰ গ্ৰাসত পৰি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল ৷ উপায়ন্তৰ হৈ উচিত মূল্যৰ পৰা বঞ্চিত হোৱা কৃষক সকলে উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ৷

all-assam-small-tea-farmers-association-protests-in-tinsukia
তিনিচুকীয়াত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ
author img

By

Published : Jul 22, 2021, 10:54 PM IST

তিনিচুকীয়া,23 জুলাই: সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে ক'ভিড মহামাৰীৰ ভয়াৱহতা ৷ তেনে সময়তে বৃহস্পতিবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এক ধৰ্ণা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ ক'ভিড মহামাৰীয়ে বিভিন্ন ব্যৱসায়ৰ লগতে কেঁচা চাহপাতৰ ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলাইছে যাৰ বাবে এই ক্ষেত্ৰত বিশেষভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক সকল বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে উচিত মূল্যৰ পৰা বঞ্চিত হোৱা কৃষক সকলে উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷

তিনিচুকীয়াত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

উল্লেখ্য যে, কেঁচা চাহপাতৰ মূল্য নিম্নগামী হোৱাৰ বাবে ক্ষুদ্ৰ খেতিয়ক সকলৰ পৰিয়ালৰ লগতে আন বহু পৰিয়ালৰ আলৈ আথানি হোৱা পৰিলক্ষিত হৈছে ৷ বহু খেতিয়কে উচিত মূল্যৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে ৷ যাৰ বাবে ক'ভিডৰ পৰিৱেশতো ক্ষান্ত নাথাকি ক্ষুদ্ৰ খেতিয়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ৷ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি সকলো ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰাৰা দাবী উত্থাপন কৰে ৷

ইয়াৰ লগতে কেঁচা চাহপাতৰ নূন্যতম সমৰ্থন মূল্য (MSP) নিষ্কাষণ কৰা,ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে মিনি কলঘৰ প্ৰতিষ্ঠাৰ বাবে জিলা উপায়ুক্তই ব্যৱস্থা গ্ৰহণ কৰা আদি কেইবাটাও দাবীৰে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে,ক'ভিড মহামাৰীৰ গ্ৰাসত পৰি সমগ্ৰ দেশৰ বিভিন্ন খণ্ডৰ লগতে চাহ উদ্যোগটোও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ লগতে ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে জাৰি কৰা নতুন নতুন এচ অ পি (SOP) ৰ বাবে বাগান সমূহ বন্ধ হৈ পৰাত প্ৰতিদিনেই লোকচানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে উদ্যোগটো ৷ যাৰ বাবে বৃহস্পতিবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে উচিত মূল্যৰ পৰা বঞ্চিত হোৱা কৃষক সকলে উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃ আঢ়ৈ মাহৰ অন্তত মুকলি গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ'পৱে সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.